অসম

assam

ETV Bharat / city

বিহাৰত বিজেপিয়ে গৰিষ্ঠ আসন পাব : হিমন্ত বিশ্ব শৰ্মা - BJP to get maximum seats in Bihar : Himanta Biswa Sarma

বিহাৰত বিজেপিয়ে গৰিষ্ঠসংখ্যক আসন লাভ কৰিব বুলি মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসমটো বিজেপিয়ে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিব বুলি কয় ড0 শৰ্মাই ৷

Himanta Biswa Sarma
হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 10, 2020, 10:42 PM IST

গুৱাহাটী, 10 নৱেম্বৰ :বৰ্তমানো ভোট গণনা চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ । শেহতীয়া তথ্য অনুসৰি বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে । এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে অসমৰ স্বাস্থ্য, বিত্ত, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ।

বিহাৰ নিৰ্বাচন সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

মন্ত্ৰীগৰাকীয়ে কয়, "মধ্য প্ৰদেশ, তেলেংগানা, মণিপুৰ, ঝাৰখণ্ড আদিৰ দৰে বিহাৰটো চমকপ্ৰদ আসন লাভ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে । Exit Poll ৰ দৰে নহ'ব নিৰ্বাচনী ফলাফল । তাতকৈ সম্পূৰ্ণ পৃথক হ'ব দৃশ্যপট । মণিপুৰ, গুজৰাট, তেলেংগানা, বিহাৰ আদি ৰাজ্যসমূহত বিজেপিয়ে লাভ কৰা সাফল্যই কৰ্মকৰ্তা আৰু সমৰ্থকসকলক উৎসাহিত কৰি তুলিব ।"

ইফালে অন্য ৰাজ্যসমূহৰ দৰে অসমটো বিজেপিয়ে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :ডিমা হাছাওত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details