অসম

assam

ETV Bharat / city

ব্ৰহ্মপুৱাই মুখ্যমন্ত্ৰীৰ ঘৰত AIUDF ৰ ৫ বিধায়ক কিয় : প্ৰশ্ন কংগ্ৰেছৰ - মুখ্যমন্ত্ৰীৰ ঘৰত এআইইউডিএফৰ ৫ বিধায়ক

ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় পক্ষৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে । বিজেপিয়ে এই নিৰ্বাচনত কেৱল জয়লাভ কৰাই নহয়, বিৰোধীকো একপ্ৰকাৰ থান বান কৰি পেলালে (BJP succeed to break opposition unity)৷ 2020 চনৰ নিৰ্বাচনত কংগ্ৰেছ-এ আই ইউ ডি এফ উভয়েই সমৰ্থন আগবঢ়াইছিল অজিত কুমাৰ ভূঞাক ৷ কিন্তু এইবাৰ পৰিলক্ষিত হ’ল সম্পূৰ্ণ ওলোটা এখন ছবি ৷ অভিযোগ প্ৰতিঅভিযোগেৰে এতিয়া নিজৰ মাজতেই খোৱা-কামোৰা লাগিছে বিৰোধীৰ ৷

AIUDF MLAs meet CM at his house
ব্ৰহ্মপুৱাই মুখ্যমন্ত্ৰীৰ ঘৰত এআইইউডিএফৰ ৫ বিধায়ক

By

Published : Apr 1, 2022, 11:51 AM IST

গুৱাহাটী, ১ এপ্ৰিল : বৃহস্পতিবাৰে নিশা কাৰ্যতঃ বিৰোধী ঐক্যৰ সমস্ত ধাৰণাটোৱেই থানবান কৰি বিজেপিয়ে ৰাজ্যসভাৰ(Assam Rajya Sabha Elections 2022) দুয়োখন আসন দখল কৰাৰ পিছত বিজেপি যে ৰাজ্যৰ ‌ৰাজনীতিত আগ্ৰাসী ৰূপেৰে অগ্ৰসৰ হৈছে সেয়া পুনৰবাৰ প্ৰমাণিত হ'ল । কংগ্ৰেছে এ আই ইউ ডি এফক আৰু এ আই ইউ ডি এফে কংগ্ৰেছক উভয়ে উভয়ক "বিশ্বাসঘাতক" বুলি আখ্যা দিলেও প্ৰকৃত ছবিখন কিন্তু এতিয়াও পৰিষ্কাৰ হোৱা নাই ।

ইয়াৰ মাজতে শুকুৰবাৰে কংগ্ৰেছে তুলিছে আন এক গুৰুতৰ অভিযোগ । প্ৰদেশ কংগ্ৰেছৰ সংবাদমাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই শুকুৰবাৰে পুৱাই জাৰি কৰিছে এক বিবৃতি । বিবৃতিটোত দাবী কৰা হৈছে যে, বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনত বিশ্বাসঘাতকতা কৰাৰ পিছত আজি অৰ্থাৎ শুকুৰবাৰে ব্ৰহ্মপুৱাই সকলোৰে অজ্ঞাতে এ আই ইউ‌ ডি এফৰ পাঁচগৰাকী বিধায়ক হাজিৰ হয় মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত (AIUDF MLAs meet CM at his house) ।

প্ৰদেশ কংগ্ৰেছৰ বিবৃতি

কংগ্ৰেছে প্ৰশ্ন কৰে যে, কিয় পুৱাই যাবলগীয়া হ'ল মুখ্যমন্ত্ৰীৰ ঘৰলৈ ? মনজিৎ মহন্তই পুৱা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত এনেদৰে উল্লেখ কৰা হয় যে, "অসমৰ ৰাজনীতি কলুষিত কৰা এ আই ইউ ডি এফ নামৰ ৰাজনৈতিক দলটোৱে বৃহস্পতিবাৰে ৰাজ্যসভাৰ নিৰ্বাচনত কৰা বিশ্বাসঘাতকতাৰ পিছত শুকুৰবাৰে নিচেই পুৱাই দলটোৰ পাঁচজন বিধায়কে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ দিছপুৰস্থ চৰকাৰী বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰীজনক সাক্ষাৎ কৰি পুৱা প্ৰায় ৮ বজাৰ আগে আগে তাৰ পৰা ওলাই আহে ।

দুখন গাড়ীৰে পুৱা প্ৰায় ৬ বজাৰ পিছতে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় ৮ বজাত তাৰপৰা প্ৰস্থান কৰা এ আই ইউ ডি এফৰ বিধায়ক পাঁচজন আছিল সোনাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম । ইয়াৰোপৰি দলটোৰ এগৰাকী জিলা সভাপতিও এই পাঁচগৰাকী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ ঘৰলৈ গৈছিল" ।

এতিয়া সঁচা কি মিছা কি অথবা কোনে কাক প্ৰতাৰণা কৰিলে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ৷ কিন্তু বিজেপিয়ে বিৰোধীক থান-বান কৰি পেলোৱা বিষয়টো ৰাজ্যৰ ৰাজনীতিৰ বাবে চিন্তনীয় হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে এনে অপৰিপক্ক বিৰোধীৰ ৰাজনীতি দেখিলো : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details