গুৱাহাটী, ৩০ জুনঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত টেলিফোন যোগে মঙলবাৰে বুজ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই । দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসলৈ ফোন কৰি নাড্ডাই বান পৰিস্থিতিৰ বুজ লয় ।
বান পৰিস্থিতিঃ কি ক'লে ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই - ৰাজ্যিক বিজেপিৰ সভাপতি
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসলৈ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই ফোন কৰি বুজ ল'লে ৰাজ্যৰ বান পৰিস্থিতি ৷
তেওঁ বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যকৰ্তা সকলক চৰকাৰৰ সৈতে সহযোগ কৰি পাৰ্যমানে বানাক্ৰান্ত ৰাইজক সহায় সহযোগ কৰিবলৈ আহ্বান জনায় । তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ৰাজ্যিক সভাপতিয়েও দলৰ কাৰ্যকৰ্তা সকলক আহ্বান জনাইছে যে, প্ৰতিজন ভাৰতীয় জনতা পাৰ্টি ,অসম প্ৰদেশৰ কাৰ্যকৰ্তাই যেন সাহাৰ্য্য সামগ্ৰীৰ সঠিক বিতৰণ তথা সঠিক স্থানত পোৱাত সহায় কৰে তথা কাৰ্যকৰ্তা সকলে পাৰ্যমানে যাতে বানাক্ৰান্ত ৰাইজৰ কাষত থাকে ।আনহাতে, বানাক্ৰান্তক সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে বুজ লয় ।
লগতে পঢ়ক- ওদালগুৰীত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই