গুৱাহাটী, ২৯ মাৰ্চ :বিধায়কক পিএছঅ' কিয় লাগে তাৰ যুক্তি দাঙি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পি এছ অ' সংস্কৃতি প্ৰত্যাহাৰ কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাই একপ্ৰকাৰ চমক সৃষ্টি কৰিছিল । সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰজ্যিক সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে, পিএছঅ' নাথাকিলে যদি বিধায়কক কোনোবাই চৰিয়াই দিয়ে তেতিয়া কি হ’ব ?
বিধায়কে কিয় পিএছঅ' এৰিব নোৱাৰি তাৰ ব্যাখ্যা দাঙি ধৰি তেওঁ কয় যে, বহু কাম-কাজৰ বাবে নিশাৰ ভাগত ৰাজপথেৰে যাব লগা হয়। কিন্তু সকলোৱে নাজানে সেই ব্যক্তিগৰাকী বিধায়ক বুলি। তেনে ক্ষেত্ৰত কিছু ভয়-শংকাৰ কাৰণ আহি পৰে (Security threat to MLAs) । কেৱল দুগাৰীক বিধায়কে নিজৰ পিএছঅ' এৰাৰ প্ৰসংগত এইদৰে যুক্তি আগবঢ়াই তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে সকলো বিধায়কে পিএছঅ' এৰিব লাগিবই বুলি কোৱা নাই ।
মুখ্যমন্ত্রীয়ে আহ্বানহে (Assam CM requests leaders to give up PSO) জনাইছিল আৰু সিদ্ধান্ত বিধায়কসকলৰ সম্পূৰ্ণ নিজৰ । কোনোৱে নিজে বিচাৰিলেহে এৰিব পাৰে । তদুপৰি এগৰাকী বিধায়ক হিচাপে বহু ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হয়। কেতিয়াবা নিশাৰ ভাগতো ৰাজপথেৰে যাব লগা হয় । তেনে ক্ষেত্ৰত কোনৱে যদি বিধায়ক বুলি চিনি নাপাই গতিয়াই দিয়ে বা চৰ মাৰি দিয়ে ।