অসম

assam

ETV Bharat / city

পৌৰসভা নিৰ্বাচনী ৰণভূমিৰ পৰা কংগ্ৰেছৰ ছত্ৰভংগ : ৰাজ্যিক বিজেপি - BJP Spokesperson Ranjiv Kumar Sarma on Municipal election

নিজকে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতা বুলি ভবা ৰকিবুল হুছেইনেও নগাঁও পৌৰসভাৰ তিনিটা ৱাৰ্ডত প্ৰাৰ্থী বিচাৰিয়েই নাপালে ৷ উত্তৰ গুৱাহাটী, চতিয়া আৰু লামডিং পৌৰসভা বিজেপি দলে বিনা প্রতিদ্বন্দ্বিতাৰে গঠন কৰিবলৈ সক্ষম হােৱা ঘটনাই ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ আৰু অন্যান্য বিৰােধী দল ক্রমান্বয়ে অপ্রাসংগিক হৈ পৰাকে সূচাইছে , এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ (BJP Spokesperson Ranjiv Kumar Sarma on Municipal election) ৷

bjp-spokesperson-rajiv-kumar-sharma-rection-on-municipal-election
পৌৰসভা নিৰ্বাচনী ৰণভূমিৰ পৰা কংগ্ৰেছৰ ছত্ৰভংগ : ৰাজ্যিক বিজেপি

By

Published : Feb 20, 2022, 10:00 PM IST

গুৱাহাটী, 20 ফেব্ৰুৱাৰী : পৌৰসভা নিৰ্বাচন (Assam municipal election 2022) অনুষ্ঠিত হ'বলগীয়া 977 খন পৌৰ ৱাৰ্ডৰ ভিতৰত 56 খনত ইতিমধ্যে বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ লগতে উত্তৰ গুৱাহাটী, লামডিং আৰু চতিয়া পৌৰসভা গঠন কৰিব পৰাকৈ বিজেপি প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে । উত্তৰ গুৱাহাটী পৌৰসভাৰ দহখন ৱাৰ্ডৰ ভিতৰত সাতখনত, লামডিঙত তেৰখনৰ ভিতৰত সাতখনত আৰু চতিয়া পৌৰসভাত দহখনৰ ভিতৰত সাতখনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী বিজয়ী হৈ পৌৰসভা গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা অর্জন কৰিছে ।

উল্লেখ যে, বিজেপিয়ে মুঠ 883 খন আসনত প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰ দলে 92 খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে, উত্তৰ গুৱাহাটী, চতিয়া আৰু লামডিং পৌৰসভা বিজেপি দলে বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে গঠন কৰিবলৈ সক্ষম হোৱা ঘটনাই ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দল ক্ৰমান্বয়ে অপ্ৰাসংগিক হৈ পৰাকে সূচাইছে ।

লগতে কয় যে, যিকেইখন ৱাৰ্ডত কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰাইছে সেইকেইখনৰো অধিকাংশ প্ৰার্থীৰ যুঁজৰ মানসিকতা ৰাজনৈতিক ক্ষেত্ৰখনত পৰিলক্ষিত হোৱা নাই । ফলত বিৰোধী দলটোৱে নিৰ্বাচনী ৰণভূমিৰ পৰাই পলাই-পত্ৰং দিয়া দেখা গৈছে বুলি উল্লেখ কৰে ৰঞ্জীৱ কুমাৰ শৰ্মাই (BJP Spokesperson Ranjiv Kumar Sarma on Municipal election) ৷

তেওঁ লগতে কয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই নিজৰ গৃহ সমষ্টি গহপুৰ পৌৰসভাৰ দহটা ৱাৰ্ডতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দলীয় কর্মী বিচাৰি নাপালে । ফলত তিনিটাত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে । ঠিক একেদৰে নিজকে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতা বুলি ভবা ৰকিবুল হুছেইনেও নগাঁও পৌৰসভাৰ তিনিটা ৱাৰ্ডত প্ৰাৰ্থী বিচাৰিয়েই নাপালে । তদুপৰি, নিৰ্বাচনী ৰণাংগনত যুঁজ কৰাৰ মানসিকতা আৰু গণশক্তি তথা গণভিত্তি সকলো কংগ্ৰেছ দলে ইতিমধ্যে হেৰুৱাই পেলাইছে ।

আনহাতে, কংগ্ৰেছৰ আঁচলত লুকাই থকা লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পৌৰসভা নিৰ্বাচনী ৰণভূমিৰ ক'তোৱেই বিচাৰি পাবলৈ নাই বুলি পষ্ট কৰি দিয়ে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ৷ লগতে, ৰাইজৰ দলে শিৱসাগৰত কেইজনমান প্ৰাৰ্থী থিয় কৰাই পৌৰসভা নিৰ্বাচনত নিজৰ উপস্থিতি দেখুৱাবলৈ এক ব্যর্থ প্ৰয়াস কৰা দেখা গৈছে বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে কয়। ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে কয় যে, কেৱল উন্নয়নৰ স্বাৰ্থত ৰাজ্যৰ চহৰাঞ্চলৰ বাসিন্দাই বিজেপিৰ নেতৃত্বত হিলদল ভাঙি পৌৰসভাসমূহ গঠন কৰিবলৈ ইতিমধ্যে মনস্থ কৰিছে ।

লগতে পঢ়ক :ঘৰে ঘৰে হৰি নাম গাই ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টা পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ

ABOUT THE AUTHOR

...view details