অসম

assam

ETV Bharat / city

বিমানবন্দৰ ব্যক্তিগতকৰণ : কংগ্ৰেছে কৰা প্ৰতিবাদক সমালোচনা বিজেপিৰ - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামী

বিমানবন্দৰটো বিক্ৰী কৰি দিয়া হ'ল বুলি কংগ্ৰেছ দলে এক অপপ্ৰচাৰ কৰি আছে । বিমানবন্দৰটো উন্নত কৰাৰ বাবে কিছু ক্ষেত্ৰ আদানী গ্ৰুপক দায়িত্ব দিয়া হৈছে । কংগ্ৰেছ দল স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে বুলি কটাক্ষ কৰে ৰূপম গোস্বামীয়ে ৷

BJP Reaction on Borjhar Airport Privatization
BJP Reaction on Borjhar Airport Privatization

By

Published : Aug 24, 2020, 10:51 PM IST

গুৱাহাটী, 24 আগষ্ট : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণ কৰি কেন্দ্ৰীয় চৰকাৰে বিমানবন্দৰৰ অংশীদাৰিত্ব আদানী গ্ৰুপক গটাই দিয়াৰ পিছতে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ-প্ৰতিক্ৰিয়া । সোমবাৰে কংগ্ৰেছ কমিটীও এই সন্দৰ্ভত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । এই প্ৰবল প্ৰতিবাদৰ পাছতেই বিমানবন্দৰ ব্যক্তিগতকৰণ সন্দৰ্ভত মুখ খুলিছে বিজেপিয়ে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ এনে এক সুন্দৰ পদক্ষেপক কিছুমান মনেসজা ভিত্তিহীন অভিযোগেৰে কংগ্ৰেছ দলে বিৰোধিতা কৰিছে ।

বিমানবন্দৰ ব্যক্তিগতকৰণ সন্দৰ্ভত ৰূপম গোস্বামীৰ প্ৰতিক্ৰিয়া

বিমানবন্দৰটো বিক্ৰী কৰি দিয়া হ'ল বুলি কংগ্ৰেছ দলে এক অপপ্ৰচাৰ কৰি আছে । বিমানবন্দৰটো উন্নত কৰাৰ বাবে কিছু ক্ষেত্ৰ আদানী গ্ৰুপক দায়িত্ব দিয়া হৈছে । কংগ্ৰেছ দল স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে আৰু দলটো নিজেই AIUDF ক লীজত দিয়া বুলি কটাক্ষ কৰে ৰূপম গোস্বামীয়ে ৷

পূৰ্বেই কংগ্ৰেছ চৰকাৰৰ দিনতেই দিল্লী আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দুটাক একেই পদ্ধতিৰে GMR আৰু GVK কোম্পানী দুটাৰ হাতত অৰ্পণ কৰিছিল বুলি উল্লেখ কৰি কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে ৷

লগতে চাওক-কলকাতাৰ পৰা আনি হায়দৰাবাদত সংস্থাপন কৰা হ'ল হাঁওফাঁও

ABOUT THE AUTHOR

...view details