গুৱাহাটী,২৪ মার্চ :বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বর্গীয়ই আজি দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হৈ (BJP national GS Kailash Vijayvargiya in Assam) ৰাজ্যিক বিজেপিৰ মন্ত্ৰী-বিধায়ক, সমূহ মৰ্চাৰ বিষববীয়া, সকলাে কোষৰ আহ্বায়ক, সহ-আহ্বায়ক সকলৰ লগত তিনিখন বৈঠকত সুকীয়াকৈ মিলিত হয়।
দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত হােৱা উক্ত তিনিখন বৈঠকত দলৰ বিভিন্ন সাংগঠনিক বিষয়ৰ লগতে সকলাে কোষ, মৰ্চাৰ কামকাজৰ বিষয়ে বিস্তৃতভাৱে আলােচনা কৰা হয়। ভাষণ প্রসংগত ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত সর্বাংগীন উন্নয়নৰ এক জোৱাৰ সৃষ্টি হৈছে ৷
তেওঁ কয় যে, এই কথা সমাজৰ প্ৰতিজন সন্মানীয় নাগৰিকৰ দৃষ্টিগােচৰ হৈছে। সেয়ে ভাৰতীয় জনতা পার্টিয়ে এতিয়া সমগ্র দেশ তথা অসমৰ প্ৰতিটো কোণৰ প্ৰতিজন জনসাধাৰণৰ হৃদয়ত স্থান পাইছে। তেওঁ দলৰ কাৰ্যকর্তা সকলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কাৰণে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমূহ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায়।
তেওঁ লগতে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত ভাৰতবর্ষ বিশ্বগুৰু আসনত অধিষ্ঠিত হােৱাৰ দিশে আগবাঢ়িছে। মহামাৰী ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়ত বিশ্বৰ বহু উন্নত দেশৰ নাগৰিকে ভেকচিন গ্রহণ কৰিবলৈ সামৰ্থ হােৱা নাছিল। কিন্তু প্রধানমন্ত্ৰীৰ নেতৃত্বত পৃথিৱীৰ দ্বিতীয় জনবহুল ৰাষ্ট্র ভাৰতবৰ্ষৰ গৰিষ্ঠ সংখ্যক নাগৰিকেই ভেকচিন গ্ৰহণ কৰাই নহয় ক’ভিডৰ জটিল পৰিস্থিতিক হেলাৰঙে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।