অসম

assam

By

Published : Dec 25, 2021, 7:33 PM IST

Updated : Dec 25, 2021, 7:50 PM IST

ETV Bharat / city

বিজেপি নেতাই ওভতাই দিব দেহৰক্ষী, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

বিজেপি দলৰ নেতা তথা সদস্যই কোনো ভুল নকৰে আৰু সেয়ে তেওঁলোকৰ দেহৰক্ষীৰ কোনো প্ৰয়োজন নাই (Assam BJP leaders needs no PSOs) ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী উদযাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দিয়ে এই নিৰ্দেশ ৷

BJP Celebrate Su Sashan Divas
বিজেপি নেতাই ওভতাই দিব দেহৰক্ষী

গুৱাহাটী,২৫ ডিচেম্বৰ :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতাসকলক নিজৰ ব্যক্তিগত দেহৰক্ষীসকলক ওভতাই দিবলৈ অনুৰোধ জনায় ৷ শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ 97 তম জন্মবাৰ্ষিকী উপলক্ষ্যে দলৰ সদস্যসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দেহৰক্ষী ৰখাৰ সংস্কৃতি কংগ্ৰেছ দলৰহে, বিজেপিৰ নহয় ৷

বিজেপি নেতাই ওভতাই দিব দেহৰক্ষী

"মই দলৰ ৰাজ্যিক সভাপতিক অনুৰোধ কৰিম যাতে তেওঁ দলৰ সদস্যসকলক নিজৰ নিজৰ দেহৰক্ষীসকল ওভতাই দিবলৈ আহ্বান জনায় ৷ আমাৰ দলৰ সদস্যসকল ৰাইজৰ কামৰ প্ৰতি দায়বদ্ধ ৷ আমি কোনো ভুল নকৰো আৰু সেয়ে আমাৰ দেহৰক্ষীৰ কোনো প্ৰয়োজন নাই" মুখ্যমন্ত্ৰীয়ে কয় (Assam BJP leaders needs no PSOs) ৷

"দেহৰক্ষীসকলে আমাৰ গাড়ীৰ দৰ্জা খুলি দিয়া আৰু আন আনুষাঙ্গিক কাম কৰাৰ প্ৰয়োজনীয়তা নাই ৷ আমাৰ প্ৰত্যেকৰে নিজৰ গাড়ীৰ দৰ্জা খুলি লোৱাৰ সামৰ্থ আছে ৷ এয়া কংগ্ৰেছ দলৰ সংস্কৃতি ৷ মই নিজেই কংগ্ৰেছৰ সদস্য আছিলো আৰু কংগ্ৰেছৰ এনে বহু বদ সংস্কৃতিৰ বিষয়ে জানো" তেওঁ কয় ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকী(Ex PM Atal Bihari Vajpayee Birth Anniversary)ৰ লগত সংগতি ৰাখি শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো 'সু-শাসন' (BJP Celebrate Su Sashan Divas)দিৱস উদযাপন কৰা হয় । ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰে সু-শাসন দিৱস উদযাপন কৰা হয় ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ীৰ জীৱন আৰু মহান কর্মপদ্ধতিৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰি দলৰ কার্যকৰ্তাসকলক তেখেতৰ আদৰ্শৰে বাট বুটলিবলৈ আহ্বান জনাই এই নিৰ্দেশ দিয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে অসমক সদায় এক বিশেষ দৃষ্টিৰে চাইছিল বুলি উল্লেখ কৰি তেওঁ প্ৰধানমন্ত্ৰী হিচাপে থকা সময়ছোৱাত অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হকে দায়বদ্ধ সহকাৰে কাম কৰি যোৱা পৰিলক্ষিত হৈছিল বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে বাজপেয়ী প্ৰধানমন্ত্ৰী হিচাপে থকা সময়তে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰে ।

প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে মূল্যবোধৰ ৰাজনীতিৰ যোগেদি সমাজৰ শেষৰগৰাকী ব্যক্তিলৈকে সেৱা আগবঢ়োৱাৰ যি পণ লৈছিল তাক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কার্যকর্তাই আগুৱাই নিব লাগিব বুলি মুখ্যমন্ত্ৰাীগৰাকীয়ে বক্তব্যত উল্লেখ কৰে । তেওঁ লগতে অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ মাজমজিয়াত তেখেতৰ এটি সুবিশাল প্ৰতিমূৰ্তি নির্মাণ কৰা হ'ব বুলিও সদৰি কৰে ।

লগতে পঢ়ক :SOP in Assam: অসমত পুনৰ জাৰি কৰা হ’ল সান্ধ্য আইন

Last Updated : Dec 25, 2021, 7:50 PM IST

ABOUT THE AUTHOR

...view details