অসম

assam

By

Published : Sep 9, 2020, 10:48 PM IST

ETV Bharat / city

অসমৰ সম্পদ বিদেশী বণিকৰ হাতত অৰ্পণ কৰিব বিজেপি চৰকাৰে : মনজিৎ মহন্ত

আঞ্চলিক গণ মৰ্চাৰ কাৰ্যালয়ত অসম জনতা দল আৰু আঞ্চলিক গণ মৰ্চাৰ যৌথ সংবাদমেল ৷ অসমত স্বৰাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে গঠিত হোৱা অসম জনতা দলে ধাৰণাক্ষম উন্নয়নৰ জৰিয়তে প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত সমান্তৰালভাৱে আগবাঢ়ি যোৱাৰ উদ্দেশ্যেৰে 21ৰ বিধানসভাৰ নিৰ্বাচনত আঞ্চলিক গণ মৰ্চাৰ অংশীদাৰী দল হিচাপে থাকি বিজেপিক প্ৰতিহত কৰিবলৈ প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

BJP govt to hand over Assam assets to foreign traders: Manjit Mahanta
অসমৰ সম্পদ বিদেশী বণিকৰ হাতত অৰ্পণ কৰিব বিজেপি চৰকাৰে : মনজিৎ মহন্ত

গুৱাহাটী, 9 ছেপ্তেম্বৰঃ 2021 ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবৰ বাবে সকলো দল সংগঠনেই এক হৈ আগবাঢ়িব লাগিব ৷ অসম বিজেপি মুক্ত হ’বলৈ হ’লে সকলোৱে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব ৷ নহ’লে অসমত নাগৰিকত্ব সংশোধনী আইনেই নহয় অসমৰ সম্পদকো বিদেশী বণিকৰ হাতত অৰ্পণ কৰিব বিজেপি চৰকাৰে৷ এই অভিযোগ নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক গণ মৰ্চাৰ নেতা তথা সাংবাদিক মনজিৎ মহন্তৰ ৷

বুধবাৰে আঞ্চলিক গণ মৰ্চাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় অসম জনতা দল আৰু আঞ্চলিক গণ মৰ্চাৰ এক যৌথ সংবাদমেল ৷ অসমত স্বৰাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে গঠিত হোৱা অসম জনতা দলে ধাৰণাক্ষম উন্নয়নৰ জৰিয়তে প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত সমান্তৰালভাৱে আগবাঢ়ি যোৱাৰ উদ্দেশ্যেৰে 21ৰ বিধানসভাৰ নিৰ্বাচনত আঞ্চলিক গণ মৰ্চাৰ অংশীদাৰী দল হিচাপে থাকি বিজেপিক প্ৰতিহত কৰিবলৈ প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি মন্তব্য কৰে অসম জনতা দলৰ সাধাৰণ সম্পাদক বনদ্বীপ দত্তই ৷

অসম জনতা দল আৰু আঞ্চলিক গণ মৰ্চাৰ যৌথ সংবাদমেল

সমান্তৰালভাৱে নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত আঞ্চলিক গণ মৰ্চাৰ সহযোগত ৰাজ্যত নদী বান্ধ, মুক্ত কয়লা খনন, অৰ্থনৈতিক আন্দোলনকে আদি কৰি ৰাজ্যৰ সকলোবোৰ জ্বলন্ত সমস্যাৰ সমাধানৰ বাবে এক জনজাগৰণ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে অসম জনতা দলৰ নেতৃত্বই ৷

লগতে চাওক-বাঘজান তৈল খাদত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু অইলৰ অভিযন্তা

ABOUT THE AUTHOR

...view details