গুৱাহাটী, 25 এপ্ৰিল :১৯৯৫ চনত গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ভিতৰত ৯ ৱাৰ্ড দখল কৰিবলৈ সক্ষম হোৱা বিজেপি দলে এইবাৰ প্ৰথমবাৰৰ বাবে পৌৰ নিগমত সৰ্বাধিক আসন লাভ কৰি ইতিহাস ৰচনা কৰে(BJP secures clean sweep in Guwahati civic polls) । দলটোৱে ২০০৩ চনত গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ভিতৰত ১৩ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছিল । সেইদৰে ২০১৩ চনত গুৱাহাটী পৌৰ নিগমৰ ৩১ টা ৱাৰ্ডৰ ভিতৰত ১১ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছিল বিজেপি ।
এইবাৰ দলটোৱে গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ভিতৰত ৫২ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হয় । ৰাজ্যিক নির্বাচন আয়ােগে(Assam state election commission) প্রকাশ কৰা তথ্য অনুসৰি, এইবাৰৰ নিৰ্বাচনৰ মুঠ ৪,০০,৮০৬টা বৈধ ভােটৰ ২,৩৭,৭৪২টা ভােট লাভ কৰিছে বিজেপি দলে । বিজেপিৰ মিত্রদল অগপই পাইছে ২৮,০৯২টা ভােট (৭ শতাংশ) । আনহাতে বিজেপি আৰু অগপই লাভ কৰা সমুদায় ভােট হৈছে- ২,৬৫,৮৩৪টা । শতাংশ হিচাপত মিত্র দল দুটাই ৬৬.৩২ শতাংশ ভােট লাভ কৰিছে ।
ইপিনে, কংগ্ৰেছে পাইছে ৫৪,৯৮০টা ভােট, শতাংশ হিচাপত ১৩.৭১ শতাংশ । আপে ৪২,৮৬৬টা (১০.৬৯ শতাংশ), অজাপই ১৫,৪৪৩টা ভোট লাভ কৰিছে । চি পি আই (এম) দলে ২৪৪৭টা ভােট পােৱাৰ বিপৰীতে নির্দলীয়কে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলে ১১,১৩৯টা ভােট পাইছে ।