হীৰা শৰণীয়াক কোনে উগ্ৰপন্থী বুলি মন্তব্য কৰিলে ? - উগ্ৰপন্থী বুলি মন্তব্য কৰিলে
ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এখন সংবাদমেল সম্বোধন কৰি নৱ শৰণীয়াই হীৰা শৰণীয়া হয় আৰু এই হীৰা শৰণীয়া এগৰাকী উগ্ৰপন্থী বুলি মন্তব্য কৰাৰ লগতে বি পি এফক লৈ ওলোৱা উৰাবাতৰিৰ কোনো সত্যা-সত্য নাই বুলি মন্তব্য কৰে ৷
ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল
গুৱহাটী,15চেপ্তেম্বৰ : ''নৱ শৰণীয়াই হীৰা শৰণীয়া হয় আৰু এই হীৰা শৰণীয়া এগৰাকী উগ্ৰপন্থী ''৷ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷ দেওবাৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে গুৱহাটীত এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বমূলক কথা উল্লেখ কৰে ৷ সাংসদগৰাকীয়ে কয়-
- বি পি এফক লৈ বহু উৰাবাতৰি প্ৰচাৰ হৈছে আৰু এই বাকৰি একেবাৰে সত্য নহয়
- বি পি এফৰ লগত বহু ৰাজনৈতিক দলৰ আলোচনা চলি আছে
- UPPLৰ লগতো মিত্ৰতাৰ কথা চলি আছে বি পি এফৰ
- UPPL ক বি পি এফত চামিল হবলৈ প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে
- যদি বি পিএফত UPPL চামিল হয় তেতিয়া ইউ জি ব্ৰহ্মক ৰাজ্যসভাৰ আসন এৰি দিয়া হ'ব
- বিগত লোকসভা নিৰ্বাচনত BPF আৰু UPPL ৰ মিত্ৰতা হ'লে 70% ভোট লাভ কৰিলে হেতেন