অসম

assam

ETV Bharat / city

মুখ্যমন্ত্ৰীক মধুপুৰ সত্ৰ ভ্ৰমণৰ অনুৰোধ বিশ্ব হিন্দু মহাসংঘৰ

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতেই মধুপুৰ সত্ৰত এটি প্ৰকল্পৰ অনুমোদন দিয়া হৈছিল ৷ কিন্তু বিগত তিনিবছৰে সম্পূৰ্ণ নহ’ল প্ৰকল্পৰ কাম ।

By

Published : Nov 19, 2021, 9:59 PM IST

world hindu federation
world hindu federation

গুৱাহাটী, ১৯ নৱেম্বৰ:পশ্চিমবংগৰ(West Bengal) কোচ বিহাৰত (Koch Bihar)অৱস্থিত মধুপুৰ সত্ৰই এতিয়া অন্ধকাৰ ভৱিষ্যতৰ আশংকাত ভুগিছে ৷ সত্ৰাধিকাৰগৰাকীয়ে অতি উৎকণ্ঠাৰে বাট চাইছে অসমৰ ৰাইজ তথা চৰকাৰৰ সঁহাৰিৰ বাবে । এই মন্তব্য বিশ্ব হিন্দু মহাসংঘৰ । শুকুৰবাৰে(Friday) গুৱাহাটী প্ৰেছ ক্লাৱত(Guwahati Press Club) এক সংবাদমেল(Pressmeet) সম্বোধন কৰি সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়াই মহাসংঘৰ সাধাৰণ সম্পাদক বলেন বৈশ্যই ।

বলেন বৈশ্যই সংবাদমেলত কয় যে, সত্ৰখনৰ ক্ষেত্ৰত মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিমলা প্ৰসাদ চলিহাৰ পিছত আটাইকেইখন চৰকাৰে উদাসীনতা প্ৰদৰ্শন কৰা দেখা গৈছে । সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তৰ সৈতে হোৱা আলোচনাৰ অন্তত বহুতো ৰহস্য পোহৰলৈ আহে বুলিও মত পোষণ কৰে বৈশ্যই । বৈশ্যই লগতে কয় যে বিগত প্ৰায় ৩৫ বছৰে একেখন সমিতিয়ে দায়িত্ব লৈ আহিছে মধুপুৰ(Madhupur) সত্ৰৰ পৰিচালনাৰ । ৰহস্যজনক কাৰণত বিগত ৩৫ বছৰে মধুপুৰ সত্ৰৰ পৰিচালনা সমিতিখন সলনি হোৱা নাই বুলি মহাসংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতেই মধুপুৰ সত্ৰত এটি প্ৰকল্পৰ অনুমোদন দিয়া হৈছিল যদিও ২০১৮ পৰা আজি পৰ্যন্ত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ নুঠিল । আনকি বিগত এবছৰে প্ৰকল্পটো নিৰ্মাণৰ নামত এচপৰা ইটাও গাঠা হোৱা নাই বুলি অভিযোগ কৰে বৈশ্যই । তেওঁ সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ মধুপুৰ সত্ৰখন ভ্ৰমণৰ বাবে আহ্বান জনায় আৰু সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তৰ মুখেৰে সত্ৰখনৰ বুজ লোৱাৰ বাবে অনুৰোধ জনায় ।

লগতে পঢ়ক : MLA Fund ৰ পৰিমাণ ২ কোটি কৰাৰ দাবী বিধায়ক নজৰুল হকৰ

ABOUT THE AUTHOR

...view details