অসম

assam

By

Published : Jun 20, 2022, 10:59 PM IST

ETV Bharat / city

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৫৩ তম কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন

এই ভয়াৱহ বানৰ (Flood in Assam) মাজতো দেওবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৫৩ তম কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় (Bishnu Rabha Divas observed in Guwahati) ।

Bishnu Rabha Divas observed in Guwahati
সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৫৩ তম কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন

গুৱাহাটী, ২০ জুন : আজি বিষ্ণু ৰাভা দিৱস (Bishnu Prasad Rabha Divas) । বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুনৰ দিনটোত প্ৰতিবছৰে "বিষ্ণু ৰাভা দিৱস" হিচাপে পালন কৰি অহা হৈছে । এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত পালন কৰা হয় বিষ্ণু ৰাভা দিৱস ।

দেওবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৫৩ তম কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় (Bishnu Rabha Divas observed in Guwahati) । মহানগৰীৰ খানাপাৰাৰ ক্ৰীড়া আৰু সাংস্কৃতিক খেলপথাৰ প্ৰাংগনত এই কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসটি অনুষ্ঠিত কৰা হয় । পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে ।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৫৩ তম কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন

বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকণ আৰু আবৃত্তিৰ এখন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । সন্ধিয়া বটা বিতৰণি অনুষ্ঠানৰ লগতে এখনি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

ইফালে, অসম নাট্য সন্মিলনৰ (Assam Natya Sammelan) মহানগৰ আঞ্চলিক শাখাৰ উদ্যোগতো বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় । মহানগৰীৰ ৰূপনগৰস্থিত অসম ৰাজ্যিক মুক্তি যুজাৰু ভৱনতো বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি এখনি মুকলি সভা অনুষ্ঠিত হয় ।

লগতে পঢ়ক:হোজাইত বিষ্ণু ৰাভা দিৱস পালন, নিৰ্মলপ্ৰভা বৰদলৈক স্মৰণহোজাইত বিষ্ণু ৰাভা দিৱস পালন, নিৰ্মলপ্ৰভা বৰদলৈক স্মৰণ

ABOUT THE AUTHOR

...view details