বিজেপিত টিকট প্ৰত্যাশীৰ ভিৰঃ সোণাৰি, ৰঙাপৰা আৰু ৰাতাবাৰীৰ পৰা কোনে লাভ কৰিব টিকট! - ৰাজ্যিক বিজেপিত তৎপৰতা
উপ-নিৰ্বাচনক লৈ শাসকীয় দল বিজেপিৰ আভ্যন্তৰত ব্যাপক তৎপৰতা আৰম্ভ হৈছে যদিও সোণাৰি, ৰঙাপাৰা আৰু ৰাতাবাৰী সমষ্টিৰ তুলনাত দলটোৱে কম গুৰুত্ব প্ৰদান কৰিছে জনিয়া সমষ্টিত ৷ বিজেপিৰে এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে সোণাৰি সমষ্টিৰ বাবে আঠগৰাকীয়ে আৰু ৰঙাপৰা সমষ্টিৰ বাবে পাঁচগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰি দলৰ শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে।
গুৱাহাটী, 15 জুনঃ এইপৰ্যন্ত তাৰিখ নিদিষ্ট হোৱা নাই যদিও দুই-এমাহৰ ভিতৰতে ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনক লৈ ইতিমধ্যে শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । অৱশ্যে, বিজেপিৰ আভ্যন্তৰত সোণাৰি, ৰঙাপাৰা আৰু ৰাতাবাৰী সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব কেন্দ্ৰীক ব্যস্ততা আৰম্ভ হৈছে যদিও দলটোৱে বিশেষ গুৰুত্ব দিব খোজা নাই জনিয়া সমষ্টিত।
বিজেপিৰে এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে সোণাৰি সমষ্টিৰ বাবে আঠগৰাকীয়ে আৰু ৰঙাপৰা সমষ্টিৰ বাবে পাঁচগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰি দলৰ শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে। সোণাৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰাসকলৰ ভিতৰত ক্ৰমে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৰ্তমানৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাই, গায়ক কৃষ্ণমণি চুতীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য অনুপ সিং ৰাজপুৰোহিত, বিজেপিৰ ৰাজ্যিক মহিলা শাখাৰ প্ৰাক্তন সম্পাদিকা নৱনীতা সন্দিকৈ, সৌ সিদিনা আটাছু এৰি বিজেপিত যোগ দিয়া অশ্বিনী চেতিয়া, প্ৰাক্তন আছু নেতা ৰঞ্জিত বৰুৱা , সোণাৰি মণ্ডল বিজেপিৰ সভাপতি দিলীপ কোঁৱৰৰ নাম চৰ্চালৈ আহিছে । এই ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নামো চৰ্চালৈ আহিছে বুলি জানিব পৰা গৈছে।
ইপিনে, ৰঙাপাৰা সমষ্টিৰ পৰা কমেও পাঁচগৰাকীকৈ নেতাই টিকট বিচাৰি হাবাথুৰি খাইছে । এই সকলৰ ভিতৰত আছে তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ, প্ৰাক্তন আছু নেতা ডঃ অমিয় কুমাৰ ভূঞা, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য পটাছ ওৰাং, ৰাজ্যিক পণ্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ আৰু শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি মৃণাল শইকীয়া । আনহাতে, ৰাতাবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি দলীয় নেতৃত্বৰ কাষ চাপিছে প্ৰাক্তন বিধায়ক মিছনৰঞ্জন দাস আৰু দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেত্ৰী শিপ্ৰা গুণ।