গুৱাহাটী, ১৫ এপ্ৰিল : ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে সম্পূৰ্ণ দুটা বছৰ সমগ্ৰ অসমীয়া জাতিয়ে হেঁপাহৰ ৰঙালীক মন খুলি উপভোগ কৰিব পৰা নাছিল । দুবছৰৰ সেই শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছত এইবাৰ অসমীয়াই প্ৰাণ খুলি বহাগৰ আনন্দত মতলীয়া হৈছে । কিন্তু এইবাৰ ব্যতিক্ৰম ৰাজ্যৰ মন্ত্ৰীগণ । ক'ভিড এতিয়া নাই । তথাপিও বিহুত এইবাৰ মন্ত্ৰীসকলৰ বাবে আছে বাধ্য-বাধকতা (Bihu holiday cancelled for ministers) ।
মুখ্যমন্ত্ৰীয়ে আৰোপ কৰিছে এই বাধা-নিষেধ । এইবাৰৰ বহাগ বিহুত কোনো মন্ত্ৰীৰে ছুটী নাই । মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ । প্ৰথম দুদিন অৰ্থাৎ গৰু বিহু আৰু মানুহ বিহুৰ দিনটোত মন্ত্ৰীসকলে নিজা নিজা সমষ্টিলৈ বিহু বুলি যাব পাৰিব যদিও তৃতীয় দিন অৰ্থাৎ বহাগৰ দুই তাৰিখৰ পৰা সকলো মন্ত্ৰী গুৱাহাটীত উপস্থিত থাকিব লাগিব ।
বিহুৰ ছুটী বুলিবলৈ এইবাৰ দুটা দিনহে মন্ত্ৰীসকলক দিয়া হৈছে । ইয়াৰ কাৰণ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) । সকলো মন্ত্ৰীকে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে শনিবাৰৰ পৰা যাতে পুনৰ সকলো মন্ত্ৰীয়ে পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত নামে (GMC election campaign) । সেয়েহে দুই এক মন্ত্ৰী গৰু বিহু বা তাৰ আগদিনাই সমষ্টিলৈ ৰাওনা হৈছে যদিও বহুকেইগৰাকী মন্ত্ৰী গুৱাহাটী এৰি যোৱাই নাই ।