অসম

assam

ETV Bharat / city

জনস্বাস্থ্যৰ ভঁৰালত আমোলা-বিষয়াৰ লুট; বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসক সুৰক্ষা দিয়াৰ গুৰুতৰ অভিযোগ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি বিৰোধী স্থিতি লোৱা বুলি কৰি থকা ঘোষণাক অৰ্থহীন প্ৰতিপন্ন কৰি প্ৰায় প্ৰতিটো বিভাগতে চলি আছে ৰাজহুৱা পুঁজিৰ লুণ্ঠন অভিযান । এই‌ ক্ষেত্ৰত লক্ষ্যণীয় হৈ পৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বাধীন জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত চলি‌ থকা দুৰ্নীতি ।

procurement scandel in Public health department
procurement scandel in Public health department

By

Published : Nov 8, 2021, 8:46 PM IST

গুৱাহাটী, 8 নৱেম্বৰ :ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত অব্যাহত আছে ৰাজহুৱা পুঁজিৰ লুণ্ঠন অভিযান । এই‌ বিভাগৰ বিপৰীতে দুৰ্নীতি তথা স্বজন-তোষণৰ অভিযোগ আজিৰ নহয় । কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছতে ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে লোৱা অভিযানক নসাৎ কৰি‌ বিভাগটোত খোৱা‌পানী যোগানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।‌

দিছপুৰ সচিবালয়ৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত তাৰা পাম্পৰ যন্ত্ৰাংশ যোগান ধৰাৰ নামত পূৰ্বে সংঘটিত এক বিয়াগোম কেলেংকাৰীক গাপ দিয়াৰ বাবে বিভাগটোত হ'বলৈ লৈছে আন এক ভয়ংকৰ কেলেংকাৰী । সূত্ৰটোৰ মতে বিভাগীয় ক্ৰয় সম্পৰ্কীয় এই‌ কেলেংকাৰীৰ লগত জড়িত হৈ আছে প্ৰায় ৩৩ কোটিতকৈও অধিক পুঁজি কুক্ষিগত কৰাৰ কাহিনী । অতি লক্ষ্যণীয়ভাৱে এই‌ কাৰ্যৰ লগত জড়িত হৈ পৰিছে বহু বিতৰ্কিত ঠিকাদাৰ নৃপেন দাস আৰু বিভাগটোৰে এগৰাকী শীৰ্ষ বিষয়া তথা অভিযন্তা দিগন্ত বৰুৱাৰ নাম ৷

অভিযোগ অনুসৰি, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ গুৱাহাটীৰ বৰাগাঁৱত থকা 'গুৱাহাটী ষ্টোৰ এন্ড ৱৰ্কশ্ৱপ' সংমণ্ডলৰ ভঁৰালত প্ৰায় ৩৩ কোটি টকা মূল্যৰ যন্ত্ৰাংশ জমা থাকিব লাগে কেৱল তাৰা‌ পাম্পৰ যন্ত্ৰাংশ হিচাবে । বিগত বৰ্ষ সমূহত এই‌ যন্ত্ৰাংশ সমূহ বহু বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসৰ বাৱসায়িক প্ৰতিষ্ঠানে উচ্চহাৰৰ দৰত যোগান ধৰিছিল । এনে যোগানৰ বিপৰীতে বিভাগীয় নথি-পত্ৰ প্ৰস্তুত কৰা হৈছিল যদিও বাস্তৱিকতে তেনে যোগান সম্ভৱ হৈছিল কাগজে পত্ৰইহে ।

কিন্তু বিভাগীয় ভঁৰালত যে উল্লিখিত সামগ্ৰী সমূহ নাই সেই কথা পোহৰলৈ আহে যোৱা মাৰ্চ মাহতহে। এই ভঁৰালৰ দায়িত্বত থকা তপন পণ্ডিত নামৰ সহকাৰী অভিযন্তা গৰাকীয়ে যোৱা ৩১ মাৰ্চত চাকৰিৰ পৰা অৱসৰ লোৱাৰ সময়ত যেতিয়া সামগ্ৰীৰ হিচাব দিবলগীয়া হ'ল তেতিয়া দেখা গ’ল‌ যে তাৰা পাম্পৰ যন্ত্ৰাংশ হিচাবে থাকিব লগীয়া কোনো বস্তুৱেই ভঁৰালত নাই ।

আনহাতে বিভাগৰ ভঁৰালৰ দায়িত্বত থকা তপন পণ্ডিতে পৰৱৰ্তী অভিযন্তা বিমল বৈশক দায়িত্ব দিয়াত যেতিয়া সামগ্ৰীবোৰৰ কোনো অস্তিত্ব পোৱা নগ’ল, তেতিয়া বিষয়টো বিভাগৰ মুখ্য অভিযন্তা বিশ্বদীপ দাসৰ দৃষ্টিগোচৰ হয় বিষয়টো ।

কিন্তু বিভাগীয় সূত্ৰটোৰ মতে মুখ্য অভিযন্তা বিশ্বদীপ দাসে কথাটো গম পোৱাৰ পিছত অতি ৰহস্যজনকভাৱে সঁচাক মিছা কৰি কেলেংকাৰী গাপ দিয়াৰ অভিযানহে আৰম্ভ হয় । অতি কৌশলেৰে এই কেলেংকাৰী গাপ দিয়াৰ বাবে বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা দিগন্ত বৰুৱাৰ নেতৃত্বত এখন অনুসন্ধান সমিতি গঠন কৰি দিয়া হয় ।

অতি লক্ষ্যণীয়ভাৱে এই কমিটিয়ে বিভাগৰ আন ৪৫ টকা সংমণ্ডলৰ জড়িয়তে উল্লিখিত সামগ্ৰী সমূহ ইতিমধ্যেই কেন্দ্ৰীয় ভঁৰালৰ পৰা পোৱা‌ আৰু ব্যাৱহাৰ কৰা‌ বুলি নথি ‌‌প্ৰস্তুত কৰাৰ ‌‌মৌখিক নিৰ্দেশ দিয়া‌ হৈছে । আৰু সেইমতে হোজাই সংমণ্ডলকে ধৰি কেইবাটাও সংমণ্ডলে এই কাম কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।‌

মনকৰিবলগীয়া যে, বিভাগটোত ক্ৰমাৎ জনাজাত হৈ পৰা এই কেলেংকাৰী গাপ‌ দিয়া অভিযান ৰূপায়িত হৈছে কেৱল বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে । ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰো বিয়াগোম কেলেংকাৰীৰ নায়ক হিচাপে চৰ্চিত নৃপেন দাস নামৰ বিতৰ্কিত ঠিকাদাৰ জনৰ প্ৰতি বিভাগৰ মুখ্য অভিযন্তা বিশ্বদীপ দাস অতিৰিক্ত মুখ্য অভিযন্তা দিগন্ত বৰুৱা প্ৰমুখ্যে বিষয়া‌ সকলৰ এই‌ দৰদ কিয় সেয়া সহজেই অনুমেয় ।

উল্লেখযোগ্য যে, উল্লিখিত বিষয়টোত বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও মৌন হৈ থকাত বিভাগৰে একাংশ বিষয়াই এই কথা প্ৰত্যক্ষভাৱে অৱগত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ক । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ কাম-কাজৰ ওপৰত ইতিমধ্যেই চোকা নিজৰ ৰখা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে উল্লিখিত কাণ্ড সন্দৰ্ভত কি ব্যাৱস্থা লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :নতুন জাহাজৰ পৰা উপনিৰ্বাচনলৈ বহু কথাই ক’লে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details