অসম

assam

ETV Bharat / city

মৃত পিতৃৰ নামত ঋণ লৈ জালত পৰিল পুত্ৰ

মৃত পিতৃৰ নামত দুটাকৈ ঋণ লৈছিল পুত্ৰ আব্দুল সমীৰে ৷ কিন্তু সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰিলে পুত্ৰই ৷ গোচৰ দাখিলৰ পাছৰে পৰা ২টাকৈ বছৰ চৌদি আৰৱত পলাই আছিল পুত্ৰ আব্দুল । কিন্তু কপাল বেয়া, অৱশেষত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ জালত পৰিল আব্দুল হামিদ(Bureau of Investigation of Economic Offences) ৷

BIEO nabs bank fraud accused from Dibrugarh
মৃত পিতৃৰ নামত ঋণ লৈ অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ জালত পুত্ৰ

By

Published : Aug 26, 2022, 4:33 PM IST

গুৱাহাটী, ২৬ আগষ্ট:পিতৃ ঢুকাল ২০০৬ চনতেই ৷ মৃত পিতৃৰ নামত দুটাকৈ ঋণ লৈছিল পুত্ৰই ৷ কিন্তু কপাল বেয়া, সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰিলে পুত্ৰই ৷ যাৰ বাবে ২ বছৰ ধৰি পলাই আছিল চৌদি আৰৱত । কিন্তু ৰমজান মাহৰ সময়ত আৰৱৰ পৰা অসমলৈ ঘূৰি আহি অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ জালত পৰে পুত্ৰ(BIEO nabs bank fraud accused from Dibrugarh) ৷

তদন্তকাৰী বিষয়া মণিমোহন কোচ

এই ঘটনা ডিব্ৰুগড়ৰ ৷ মৃত পিতৃ আব্দুল মোনাফৰ ভুৱা নথি-পত্ৰৰে ডিব্ৰুগড়ৰ চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ দুটা শাখাৰ পৰা আব্দুল সমীৰে ঋণ লৈছিল মুঠ ১০ লাখ ৫৫ হাজাৰ টকা । ডিব্ৰুগড়ৰৰ ডিকম আৰু থানা চাৰিআলি শাখাৰ পৰা ২০০৬ চনতে মৃত্যু হোৱা পিতৃৰ নামত ২০১৪ ত প্ৰৱঞ্চকটোৱে লৈছিল এই বৃহৎ ঋণ ।

আনকি মাটিৰ ভুৱা নথিও বেংকত জমা দিছিল আব্দুল সমীৰে । সময়ত ঋণ ঘূৰাই দিব নোৱাৰাত বেংকৰ অনুসন্ধানত পোহৰলৈ আহে এই ঘটনা । পিছত বেংক কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰে অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাত ৷ অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থায়ে ঘটনা সন্দৰ্ভত ৯/২০২১ নম্বৰ এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

গোচৰ দাখিলৰ সেই সময়চোৱাতে অভিযুক্ত প্ৰৱঞ্চকটো ২ বছৰ ধৰি পলাই আছিল চৌদি আৰৱত । শেহতীয়াকৈ ৰমজান মাহৰ সময়ত আৰৱৰ পৰা অসমলৈ ঘূৰি আহিছিল আব্দুল সমীৰ । অৱশেষত বৃহস্পতিবাৰে অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থায়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক(One arrested for bank fraud) ।

এই ঘটনাত বেংক কোনো লোকো জড়িত থকাৰ তথ্য লাভ কৰিছে অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাই । শুকুৰবাৰে অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি গোচৰটোৰ তদন্তকাৰী বিষয়া মণিমোহন কোচে সদৰী কৰে এই কথা ।

লগতে পঢ়ক :গুৱাহাটীৰ পৰা অপহৰণ মাতৃসহ তিনি বছৰীয়া সন্তান

ABOUT THE AUTHOR

...view details