গুৱাহাটী, 28 ছেপ্টেম্বৰ :দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 65টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সূচী কাইলৈ অৰ্থাৎ মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিব । স্বাভাৱিকতে প্ৰশ্ন উঠিছে অসমৰ শিৱসাগৰ আৰু ৰঙাপাৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিনো কাইলৈ নিৰ্বাচন আয়োগে ঘোষণা কৰিব নেকি ? ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দেশৰ নিৰ্বাচন আয়োগক এক পত্ৰ যোগে জনাইছে যে বৰ্তমান নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ অসমৰ পৰিস্থিতি মুঠেও অনুকূল নহয় । ক'ৰনাই ৰাজ্যত শেহতীয়াকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰোপৰি 2021ৰ মাৰ্চ-এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । গতিকে মাত্ৰ কেইমাহমানৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতি নহয় ৰাজ্য চৰকাৰ ।
উল্লেখযোগ্য যে 2019ৰ 10 ডিচেম্বৰত ৰঙাপাৰাৰ বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰ আৰু চলিত বৰ্ষৰ 3 ফেব্ৰুৱাৰীত শিৱসাগৰৰ কংগ্ৰেছ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ মৃত্যু হোৱাত দুয়োটা সমষ্টিৰে আসন দুখন খালী হৈ পৰিছিল ।