অসম

assam

ETV Bharat / city

অসম চৰকাৰলৈ ভূটানৰ নৃপতিৰ কৃতজ্ঞতা প্ৰদান - ভূটানৰ নৃপতি জিগমে খেচাৰে

ক’ভিড-19 সৃষ্ট লক্ ডাউনৰ সময়ত ভূটানলৈ সকলো জৰুৰী সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত অনুমতি তথা সহযোগিতা প্ৰদান কৰাৰ বাবে ভূটানৰ নৃপতি জিগমে খেচাৰেৰ পত্ৰ যোগে অসমৰ জনসাধাৰণৰ লগতে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে ৷

ভূটানৰ নৃপতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱাভূটানৰ নৃপতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৈ কৃতজ্ঞতা প্ৰদানলৈ কৃতজ্ঞতা প্ৰদান
ভূটানৰ নৃপতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৈ কৃতজ্ঞতা প্ৰদান

By

Published : Aug 1, 2020, 12:20 AM IST

Updated : Aug 1, 2020, 12:35 AM IST

নিউজ ডেস্ক, 1 আগষ্ট : সমগ্ৰ বিশ্ব এতিয়া কৰ’ণা ভাইৰাছৰ মহামাৰীত জৰ্জৰিত ৷ বাদ পৰি ৰোৱা নাই অসম তথা চুবুৰীয়া ৰাষ্ট্ৰ ভূটান ৷ আনহাতে ক’ভিড-19 সৃষ্ট লক্ ডাউনৰ সময়ত ভূটানলৈ সকলো জৰুৰী সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত অনুমতি তথা সহযোগিতা প্ৰদান কৰাৰ বাবে ভূটানৰ নৃপতি জিগমে খেচাৰে এক পত্ৰ যোগে অসমৰ জনসাধাৰণৰ লগতে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰদান কৰে ৷ এই পত্ৰখনত অসম চৰকাৰৰ দ্বাৰা দেখুওৱা মহানুভৱতাই ভূটান আৰু ৰাজ্যখনৰ মাজত যাউতিযুগীয়া সম্পৰ্কক অধিক দৃঢ় কৰিছে বুলিও উল্লেখ কৰে ৷

প্ৰেছ বাৰ্তা, দিছপুৰ

নৃপতিগৰাকীয়ে কৰ’ণা ভাইৰাছৰ পৰা অসমৰ জনসাধাৰণ শীঘ্ৰেই পৰিত্ৰাণ পোৱাৰ কামনা কৰি পূৰ্বৰ দৰে স্বাভাৱিক জীৱন ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰিছে ৷

ভূটানৰ নৃপতিৰ পৰা পত্ৰ লাভ কৰাৰ পাচতেই ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসমৰ জনসাধাৰণৰ হৈ নৃপতিগৰাকীক শুভেচ্ছাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ অসম আৰু ভূটানৰ সম্পৰ্কৰ মাজত ভাতৃত্ববোধ ভৱিষ্যতেও এনেদৰে অক্ষুণ্ণ থাকিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওক-এগৰাকী আৰক্ষী বিষয়াৰ দেহত পুনৰ ক'ভিড-১৯ৰ ভাইৰাছ

Last Updated : Aug 1, 2020, 12:35 AM IST

ABOUT THE AUTHOR

...view details