অসম

assam

বিজেপিমুখী হ'ব নেকি ভুৱনেশ্বৰ কলিতা ! ৰিপুন বৰাৰ নতুন ইংগিত !

By

Published : Aug 5, 2019, 11:12 PM IST

Updated : Aug 6, 2019, 1:25 PM IST

ইয়াৰ মাজতে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰিপুন বৰাৰ মন্তব্য, সংবিধান অনুসৰি ৰাজ্যসভাৰ পৰা পদত্যাগ নকৰিলে আন দলত যোগদান কৰা সম্ভৱ নহয় ৷

বিজেপিমুখী হ'ব নেকি ভুৱনেশ্বৰ কলিতা ! ৰিপন বৰাৰ নতুন ইংগিত !

গুৱাহাটী, ৫ আগষ্ট: হঠাতে কিয় আজি ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিলে ভুৱনেশ্বৰ কলিতাই ? কিয় ছেদ কৰিলে কংগ্ৰেছৰে দীৰ্ঘদিনীয়া সম্পৰ্ক ? প্ৰদেশ কংগ্ৰেছৰ বেছিভাগেই কলিতাই পদত্যাগ কৰাৰ আগমুহূৰ্তলৈকে ইয়াৰ কোনো উমানেই পোৱা নাছিল। পদত্যাগৰ পিছত আজি নিশা কলিতাই এখন পত্ৰ যোগে নিজেই ভেদ কৰিলে এই ৰহস্য। পত্ৰখনত কলিতাই লিখিছে,

''আজি সংসদত কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ ক্ষেত্ৰত কংগ্ৰেছে যি স্থিতি গ্ৰহণ কৰিলে, ইয়াৰ পিছত আৰু মোৰ বিবেকে কংগ্ৰেছৰ সৈতে থকাৰ অনুমতি নিদিয়ে।

আজি কংগ্ৰেছ সংসদীয় দলৰ নেতাই ৰাজ্যসভাত ৩৭০ ধাৰা প্ৰসংগত এক বিশেষ হুইপ জাৰি কৰিলে, যিসময়ত দেশৰ বৃহৎ সংখ্যক জনতা জম্মু কাশ্মীৰৰ উন্নয়নৰ স্বাৰ্থত ৩৭০ প্ৰত্যাহাৰৰ পক্ষত আছে ।

আনকি পণ্ডিত জৱাহৰলাল নেহৰুও ৩৭০ ৰ পক্ষত নাছিল। তেওঁ কৈছিল সময়ৰ সোঁতত ইয়াৰ প্ৰাসংগিকতা নোহোৱা হ'ব। গতিকে ইমানৰ পিছত মোৰ বিবেকে মোক কংগ্ৰেছৰ সৈতে থকাৰ অনুমতি নিদিয়ে। "

পদত্যাগ পত্ৰ


পত্ৰখনত তেঁও আৰু লিখিছে -

" আজি মই অনুভৱ কৰিছো এই কংগ্ৰেছ দল সেই কংগ্ৰেছ দল হৈ থকা নাই, যি কংগ্ৰেছত কেইবা দশক পূৰ্বে মই যোগদান কৰিছিলোঁ।মোৰ লগতে কংগ্ৰেছৰ আৰু বহুতৰে এতিয়া নেতাবিহীন এই দলটোৰ প্ৰতি মোহভংগ ঘটিছে। এনেকৈ থাকিলে কংগ্ৰেছ এদিন ধ্বংস হৈ যাব। '
কংগ্ৰেছে আত্মঘাতী পথ লৈছে, গতিকে, মই আৰু কংগ্ৰেছৰ সৈতে থকাটো সম্ভৱ নহব। সেয়ে মই কংগ্ৰেছ দল আৰু ৰাজ্যসভাৰ পদ ত্যাগ কৰিলো। "

ইয়াৰ মাজতে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰিপুন বৰাৰ মন্তব্য, সংবিধান অনুসৰি ৰাজ্যসভাৰ পৰা পদত্যাগ নকৰিলে আন দলত যোগদান কৰা সম্ভৱ নহয় ৷

বিজেপিমুখী হ'ব নেকি ভুৱনেশ্বৰ কলিতা ! ৰিপন বৰাৰ নতুন ইংগিত !

কলিতাৰ এই পদত্যাগ পত্ৰ দেখি ৰাজনৈতিক মহলত এটাই প্ৰশ্ন- সঞ্জয় সিঙৰ দৰে ভুৱনেশ্বৰ কলিতাও হ'বনেকি বিজেপিমুখী !!!

Last Updated : Aug 6, 2019, 1:25 PM IST

ABOUT THE AUTHOR

...view details