অসম

assam

ETV Bharat / city

Bhogali Mela in Guwahati: কণ্যকাৰ ভোগালী মেলাত গীৰ গাইৰ গাখীৰৰ তাগিদা - গুৱাহাটীত ভোগালী মেলা

হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান ঘন্টা থকাৰ সময়ত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে বজাৰত গ্ৰাহকৰ ভিৰ (Preparations for Bhogali Bihu in Assam) ৷ বিহুৰ বতৰত বিশেষভাৱে গ্ৰাহকৰ দৃষ্টি কাঢ়িছে তিনিদিয়ানীয়াকৈ খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা কণ্যকা ভোগালী মেলাই (Bhogali Mela in Guwahati) ৷

Bhogali Mela in Guwahati
মহানগৰাত কণ্যকাৰ ভোগালী মেলা

By

Published : Jan 12, 2022, 7:29 PM IST

গুৱাহাটী, ১২ জানুৱাৰী: অসমীয়াৰ বাপতি-সাহোন ভোগালী বিহুৰ উৰুকালৈ মাজত মাত্ৰ কেইটামান ঘন্টা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparations for Bhogali Bihu in Assam) । দৈ-চিৰা, লাড়ু পিঠাৰ লগতে বিভিন্ন সুস্বাদুৰে ভৰি পৰিছে পৰিছে মহানগৰীৰ বজাৰ ।

মহানগৰীৰ বজাৰত উপলব্ধ হৈছে গৰুখুঁটী বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাইৰ গাখীৰ । গীৰ গাইৰ দৈ বিছাৰি বিহুৰ বজাৰত গ্ৰাহকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে । দৃধাৰ উদ্যোগত আৰু এ এ ইউ ফ্ৰেচৰ সহযোগত ১১ জানুৱাৰীৰ পৰা ১৩জানুৱাৰীলৈ তিনিদিয়ানীয়াকৈ খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হৈছে কণ্যকাৰ ভোগালী মেলা (Bhogali Mela । মেলাত কণ্যকা বহুমুখী পামৰ সামগ্ৰী, গৰুখুঁটি বহুমুখী প্ৰকল্পৰ চুঙা দৈ, মাহ, তিল, পিঠা-পনা, লাড়ু, চাউল, জহা চাউল, খাঁটি সৰিয়হৰ তেল আৰু অন্যান্য থলুৱা সামগ্ৰীৰ বিক্ৰী হৈছে ।

মহানগৰাত কণ্যকাৰ ভোগালী মেলা

লগতে উৰুকাৰ পুৱাবেলাতে কণ্যকা মৎস্য প্ৰকল্পৰ পৰা অনা ৫-১০ কুইন্টল থলুৱা মাছো উপলব্ধ হ'ব কণ্যকাৰ ভোগালী মেলাত । উদ্যোক্তাসকলে জনোৱা মতে, গৰুখুঁটীৰ গীৰ গাইৰ বাঁহৰ চুঙাৰ দৈ বিচাৰি গ্ৰাহকে ভিৰ কৰিছেহি । দৈনিক ৩০০ লিটাৰ পৰ্যন্ত বিক্ৰী হৈছে দৈ । প্ৰতি লিটাৰ দৈ ২০০ টকা দৰত বিক্ৰী কৰাৰ লগতে গৰুখুঁটীত জৈৱিক পদ্ধতিৰে উৎপাদিত ৰঙালাও, বন্ধাকবি, মটৰ, মাটিমাহ, তিল আদিৰ লগতে কণ্যকাৰ পৰা অনা মিঠাতেল, লাড়ু, পিঠা, গুৰ, কোমল চাউল, বৰা চাউল আদিৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বিক্ৰী কৰা হৈছে ।

উল্লেখ্য যে, সামগ্ৰীসমূহ উচিত মূল্যত গ্ৰাহকক দিবলৈ চেষ্টা কৰিছে উদ্যোক্তাসকলে । সামগ্ৰীসমূহ অন্য বজাৰতকৈ কম মূল্যত বিক্ৰী কৰা হৈছে । গ্ৰাহকৰ যথেষ্ঠ সহাৰি পোৱা বুলিও উদ্যোক্তাসকলে জানিবলৈ দিছে ।

লগতে পঢ়ক:অৱশেষত উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা প্ৰদান চৰকাৰৰ

ABOUT THE AUTHOR

...view details