অসম

assam

ETV Bharat / city

চীনৰ বিৰুদ্ধে মহানগৰীত ভাৰত ৰক্ষা মঞ্চৰ প্ৰতিবাদ - guwahati

চীন আৰু ভাৰতৰ মাজত সীমা বিবাদৰ পৰিণতিত 20 শ্বহীদে প্ৰাণ হেৰুৱাৰ পিছতে চীনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল সংগঠন । চীনৰ ভাৰত আক্রমণৰ পিছতে এতিয়া চীনা সামগ্ৰী বৰ্জনৰ দাবী তুলি মহানগৰীত প্ৰতিবাদ কৰে ভাৰত ৰক্ষা মঞ্চই । মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননৰ সমুখতে বিৰূপ প্ৰদৰ্শন কৰি চীনা পতাকা আৰু চীনৰ ৰাষ্ট্ৰপতি জিং পিংৰ ফটো দাহ কৰি প্ৰতিবাদ কৰে ভাৰত ৰক্ষা মঞ্চই ।

bharat rakshya mancha protest guwahati
চীনৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ

By

Published : Jun 18, 2020, 5:25 PM IST

গুৱাহাটী,১৮ জুন:চীনা সামগ্ৰী বৰ্জন কৰক,চাইনা হায় হায় ধ্বনিৰে বৃহস্পতিবাৰে উত্তাল কৰে শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখভাগ । ভাৰতীয় সেনা জোৱানক শতকোটি প্ৰণাম কৰাৰ লগতে চীনৰ সেনাক লেই লেই ছেই ছেই ধ্বনিৰে প্ৰতিবাদ কৰে ।

চীনৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ
চীনৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ

ভাৰত ৰক্ষা মঞ্চৰ কাৰ্যালয় সম্পাদক অঞ্জন জ্যোতি বৰুৱাই কয় যে,ভাৰতৰ সৈন্যই চীনৰ হাজাৰ সৈন্যক মাৰিলেও শুদ্ধ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব চীনা চৰকাৰ । লগতে চীনা সামগ্ৰী বৰ্জন কৰি চীনৰ দৰে দেশক বৰ্জন কৰিব লাগে বুলি দাবী কৰে ভাৰত ৰক্ষা মঞ্চৰ কাৰ্য্যালয় সম্পাদক অঞ্জন জ্যোতি বৰুৱাই ।

চীনৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ

লগতে চাওকঃ উত্তৰ প্ৰদেশত কোভিড-১৯ৰ শংকাত ৩ ঘণ্টা ধৰি পথৰ দাঁতিত মৃতদেহ

ABOUT THE AUTHOR

...view details