অসম

assam

দ্বিতীয়বাৰলৈ বৈষ্ণদেৱীলৈ যাব 'ভাৰত দৰ্শন'

কাশ্মীৰৰ বৈষ্ণদেৱী ভ্ৰমনলৈ যোৱা দৰ্শনাৰ্থীসকলৰ বাবে উত্তৰ-পূৱ ৰে'লৱে আগবঢ়াইছে এখন বিশেষ ৰে'ল ৷ 'ভাৰত-দৰ্শন' নামৰ ৰে'লখনে 3 অক্টোবৰত দ্বিতীয়বাৰলৈ যাত্ৰা কৰিব কাশ্মীৰৰ অভিমুখে ৷ তীৰ্থযাত্ৰীৰ বাহিৰে অন্য লোকে যাত্ৰা কৰিব নোৱাৰিব ভাৰত দৰ্শনত ৷

By

Published : Sep 29, 2019, 3:38 AM IST

Published : Sep 29, 2019, 3:38 AM IST

দ্বিতীয়বাৰলৈ বৈষ্ণদেৱীলৈ যাব 'ভাৰত দৰ্শন'

গুৱাহাটী, 29 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে কাশ্মীৰৰ বৈষ্ণদেৱীলৈ ৰাওনা হ'ব 'ভাৰত-দৰ্শন' ৷ উত্তৰ পূৱ ৰে'লৱে তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষভাৱে আগবঢ়াইছে এই ৰে'ল সেৱা ৷ আগৰতলাৰ পৰা গুৱাহাটী হৈ কাশ্মীৰৰ বৈষ্ণদেৱীলৈ যাব এই বিশেষ ৰে'লখন । তীৰ্থ ভ্ৰমণৰ বাবদ যাত্ৰীয়ে আদায় কৰিব লাগিব 10 হাজাৰ 3শ 95 টকা ৷ যাত্ৰীৰ বাবে ৰে'লখনত ব্যৱস্থা কৰা হৈছে, বিনামূলীয়া আহাৰ, তাৎক্ষণিক চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ, মনোৰঞ্জনৰ বাবে ভক্তিমূলক গীত মাতৰ লগতে সন্ধিয়া নাম কীৰ্ত্তনৰ বাবে ৰে'লখনৰ ভিতৰত এটা মন্দিৰৰো ব্যৱস্থা কৰা হৈছে ।

দ্বিতীয়বাৰলৈ বৈষ্ণদেৱীলৈ যাব 'ভাৰত দৰ্শন'

ইয়াৰোপৰি, জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই প্ৰকাশ কৰা অনুসৰি, যাত্ৰীসকলৰ সেৱাৰ বাবে নিয়োগ কৰা হৈছে 80 গৰাকীকৈ কৰ্মচাৰী ৷ দহদিনীয়া ভ্ৰমণ সূচীত যাত্ৰীসকল থকাৰ বাবে থকাৰ ব্যৱস্থা কৰা হ'ব বিলাসী হোটেলত । আগতীয়াকৈ টিকেট বুকিঙৰ বাবে অনলাইন ৱেবচাইট www.irctctourism.com ৰ মুকলি কৰা হৈছে ৷ তাৰোপৰি গুৱাহাটী মহানগৰীৰৰ আমবাৰীস্থিত IRCTC মুখ্য কাৰ্যালয়তো টিকট ক্ৰয় কৰিব পাৰিব যাত্ৰীয়ে । সৰ্বমুঠ 700 যাত্ৰী কঢ়িয়াওৱা ৰে'লখন আগৰতলাৰ পৰা ৰাওনা হৈ বদৰপুৰ, লামডিং, গুৱাহাটী, নিউ বঙাইগাঁও, কোচবিহাৰ আৰু নিউ জলপাইগুৰিত ৰখোৱা হ'ব । নৃপেন ভট্টাচাৰ্যই লগতে কয় যে, তীৰ্থযাত্ৰীৰ বাহিৰে অন্য লোকৰ বাবে যাত্ৰা কৰাৰ অনুমতি নাই 'ভাৰত দৰ্শনত' ৷

লগতে চাওঁক, ৯০ উৰ্ধৰ এগৰাকী শিল্পীৰ বেদনা...

ABOUT THE AUTHOR

...view details