গুৱাহাটী,২২ মে': বুধবাৰে ৰাতিপুৱাৰ পৰা ভৰলু নৈত পৌৰ নিগমে চলাইছে চাফাই অভিযান। এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্ৰিম বান ৰোধ কৰিবলৈ গুৱাহাটী পৌৰ নিগমে চলাইছে এই বিশেষ চাফাই অভিযান। কৃত্ৰিম বানৰ ফলত মহানগৰীৰ কেবাটাও অঞ্চলত যাতায়তৰ লগতে জনজীৱন সম্পূর্ণৰূপে স্তব্ধ হৈ পৰে। যাৰবাবে গুৱাহাটী পৌৰ নিগমে ভৰলু নৈত চলাইছে বিশেষ চাফাই অভিযান।
যুদ্ধকালীন গতিত গুৱাহাটী পৌৰ নিগমৰ ভৰলু নৈ চাফাই অভিযান - ETV BHARAT
বাৰিষাৰ আগমণৰ লগে লগে তৎপৰ হৈ উঠিছে গুৱাহাটী পৌৰ নিগম।
যুদ্ধকালীন গতিত গুৱাহাটী পৌৰ নিগমৰ ভৰলু নৈ চাফাই অভিযান
উল্লেখ্য যে এজাক ধাৰাষাৰ বৰষুণৰ পাচত মহানগৰীৰ বৰ্দ্ধিত পানী ভৰলু নৈ খনে কঢ়িয়াই নি ব্ৰহ্মপুত্ৰৰ বুকুত পেলায়। কিন্তু একাংশ অসচেতন নাগৰিকে ভৰলু নৈত জাবৰ জোথৰ পেলোৱাৰ ফলত নৈ খনৰ পানী আৱদ্ধ হৈ পৰিছে আৰু নৈ খনৰ বহনক্ষমতা হ্ৰাস পাইছে।গুৱাহাটী পৌৰ নিগমৰ এই চাফাই অভিযানত মহানগৰবাসীয়ে এইবাৰ কৃত্রিম বানৰ পৰা নিয়ন্ত্রণ পাব বুলি আশা ব্যক্ত কৰে।