অসম

assam

ETV Bharat / city

পেচমেকাৰৰ নকল সামগ্ৰী বিক্ৰীৰ সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ - GMCH news on pasemaker

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH) চৌহদত পেচমেকাৰ নকল সামগ্ৰী বিক্ৰী কৰি আৰক্ষীৰ জালত ফাৰ্মাচীৰ দুই মালিকসহ চাৰিজন লোক । চাৰিওগৰাকীক জেললৈ প্ৰেৰণ আৰক্ষীৰ ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

bhangagarh police arrest four for selling fake paseamker
পেচমেকাৰৰ নকল সামগ্ৰী বিক্ৰীৰ ঘটনা সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ

By

Published : Jun 13, 2021, 10:28 PM IST

গুৱাহাটী, ১৩ জুন :গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) চৌহদত পেচমেকাৰৰ নকল সামগ্ৰী বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল ফাৰ্মাচীৰ দুই মালিকসহ চাৰিজনকৈ লোক । ধৃত লোক চাৰিজন হৈছে ৰ'দালি ড্ৰাগছ নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী বিভাস পাটোৱাৰী (৫১), মেনেজাৰ জাহাংগীৰ হুছেইন (৫২) আৰু জেনিফাৰ মেডিক'জৰ স্বত্বাধিকাৰী পূৰ্ণৰাম ডেকা আৰু যোগানকাৰী গোবিন্দ পোদ্দাৰ (৩৫) ।

উল্লেখ্য যে শনিবাৰে জি এম চি এইচৰ অস্ত্ৰোপচাৰ কক্ষত চিকিৎসকে আবিষ্কাৰ কৰিছিল পেচমেকাৰৰ নকল সামগ্ৰী । চিকিৎসাধীন হৈ থকা এজন ৰোগীৰ বাবে অভিভাৱকে ৰ'দালি ড্ৰাগছৰ পৰা পেচমেকাৰৰ এবিধ সামগ্ৰী ক্ৰয় কৰিছিল ।

পেচমেকাৰৰ নকল সামগ্ৰী বিক্ৰীৰ ঘটনা সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ

হাস্পতালৰ চিকিৎসকে অস্ত্ৰোপচাৰ কক্ষত সেইবিধ সামগ্ৰী নকল বুলি ধৰা পেলায় । ঘটনা সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH) অধীক্ষকে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

এজাহাৰৰ ভিত্তিত ভঙাগড়ৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি দেওবাৰে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :আৰক্ষীক প্ৰহাৰ কৰি ৰঙা ঘৰত সোমাল বিএচএফ জোৱান

ABOUT THE AUTHOR

...view details