আজাৰা, 14 মাৰ্চ :কৃষক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ উদ্যোগত দক্ষিণ কামৰূপত শনিবাৰে অনুষ্ঠিত হয় এখন সভা ৷ 'কা' বিৰোধী মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত বহাগ বিহুৰ সময়তে ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰে ৷
বিহুৰ সময়তে ৰাজ্যত আত্মপ্ৰকাশ ঘটিব নতুন ৰাজনৈতিক দলৰ - আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ
বহাগ বিহুৰ সময়তে নতুন আঞ্চলিক ৰাজনৈতিক দল জন্ম হোৱাতো স্পষ্ট । 'কা' বিৰোধী বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে গঠন কৰিব এই নতুন ৰাজনৈতিক দল ।
বহাগ বিহুৰ সময়তে নতুন আঞ্চলিক ৰাজনৈতিক দল জন্ম হোৱাতো স্পষ্ট । 'কা' বিৰোধী বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে গঠন কৰিব এই নতুন ৰাজনৈতিক দল । আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নামৰ সংগঠনটোকে ৰাজনৈতিক দলৰ ৰূপ দিব বুলি মন্তব্য কৰে অধিবক্তা অৰূপ বৰবৰাই । কমল কুমাৰ মেধি, অনিল বড়ো, মনোৰম গগৈ, ববিতা শৰ্মা, মীৰা বৰঠাকুৰ, মনোৰমা শৰ্মা, অপুৰ্ব বৰুৱা আদিয়ে এই 'কা' বিৰোধী সভাত অংশগ্ৰহন কৰি একেমুখে নতুন ৰাজনৈতিক দলৰ জন্ম হ'ব বুলি জানিবলৈ দিয়ে । অহা বিধানসভা নিৰ্বাচনত বিজেপিক শিপা সহিতে অসমৰ ভূমিৰ পৰা নোহোৱা কৰাৰ সংকল্পৰে এই নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিব বুলি জানিবলৈ দিয়ে সভাত উপস্থিত থকা কৰ্মকৰ্তাসকলে ৷
ইয়াৰ উপৰিও অখিল গগৈৰ মুক্তিত দাবীত দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ'কত গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । বিজেপি চৰকাৰে দমন নীতিৰে অখিল গগৈক বিভিন্ন ভুৱা অভিযোগত কাৰাবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।