অসম

assam

ETV Bharat / city

প্ৰটেম অধ্যক্ষৰ ৰূপত ফনীভূষণ চৌধুৰী: 19 মে'ত ল’ব শপত - অখিল গগৈ

পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত ল’ব ফনীভূষণ চৌধুৰীয়ে ৷ শপত বাক্য পাঠ কৰাব ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ প্ৰটেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে'ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব ৷

প্ৰটেম অধ্যক্ষৰ ৰূপত ফনীভূষণ চৌধুৰী : 19 মে'ত ল’ব শপত
প্ৰটেম অধ্যক্ষৰ ৰূপত ফনীভূষণ চৌধুৰী : 19 মে'ত ল’ব শপত

By

Published : May 18, 2021, 9:32 PM IST

গুৱাহাটী, 18 মে' : ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ বাবে ইতিমধ্যে দিছপুৰত আৰম্ভ হৈছে তৎপৰতা । অহা ২১ মে'ত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ প্ৰথম দিনাৰ সভাৰ প্ৰটেম অধ্যক্ষ হিচাপে আসনত থাকিব অসম গণ পৰিষদৰ নেতা তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰী ।

বুধবাৰে অৰ্থাৎ 19 মে’ তাৰিখে চৌধুৰীক প্ৰটেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰাব ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই । প্ৰটেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে'ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব ৷

তাৰ পিছত বিধানসভাৰ মজিয়াত বিধানসভাৰ অধ্যক্ষ গৰাকী নিৰ্বাচিত হ'ব বুলি জানিব পৰা গৈছে । বিধানসভাৰ অধ্যক্ষৰ আসনৰ বিপৰীতে পূৰ্বৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, বিশ্বজিৎ দৈমাৰী, ৰঞ্জিত দত্তকে ধৰি কেইবাগৰাকীও নেতাৰ নাম চৰ্চালৈ আহিছে যদিও ২১ মে'ত হে এই কথাই চূড়ান্ত ৰূপ পাব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাবে প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিবেশনত উপস্থিত থাকিব ৷ লগতে এইবাৰৰ বিধানসভাত অখিল গগৈকে ধৰি কেইবাগৰাকীকৈ নতুন প্ৰাৰ্থীয়ে প্ৰথমবাৰৰ বাবে শপত ল’ব ৷

লগতে পঢ়ক :ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details