অসম

assam

ETV Bharat / city

সনাতন ডেকাৰ হত্যাৰ বিৰুদ্ধে বজৰং দলৰ মৌন প্ৰতিবাদ

হাজোৰ সনাতন ডেকাৰ হত্যাৰ ন্যায় বিচাৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য সকলে। অতিশীঘ্ৰে বজৰং দলৰ সদস্য সকলে উক্ত ঘটনাৰ লগত জড়িত সকলো দৰ্বৃত্তক আটক কৰি দৃষ্টান্তমুলক শাস্তি বিহিবলৈ দাবী কৰিছে চৰকাৰ প্ৰশাসনক ৷

By

Published : May 28, 2020, 4:52 PM IST

ETV BHARAT
সনাতন ডেকাৰ হত্যাৰ বিৰুদ্ধে বজৰং দলৰ মৌন প্ৰতিবাদ

গুৱাহাটী,28 মেঃ সনাতন ডেকাৰ হত্যাৰ বিৰুদ্ধে বজৰং দলৰ মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷ গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ সন্মূখত মৌন প্ৰতিবাদত সাব্যস্ত কৰে বজৰং দলৰ সদস্য সকলে ।

সনাতন ডেকাৰ হত্যাৰ বিৰুদ্ধে বজৰং দলৰ মৌন প্ৰতিবাদ

বৃহষ্পতিবাৰে হাজোৰ সনাতন ডেকাৰ হত্যাৰ ন্যায় বিচাৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য সকলে। দিনৰ ১১ বজাত বজৰং দলৰ ২৫/৩০ জনীয়া এটা দলে গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ সন্মূখত মৌন প্ৰতিবাদত সাব্যস্ত কৰে। উল্লেখযোগ্য যে, ২২ মে'ত চাৰিজন দুৰ্বৃত্তয় পাচলি ব্যৱসায় কৰিবলৈ যোৱা অৱস্থাত হানিখুচি হত্যা কৰিছিল হাজোৰ সনাতন ডেকাক। বৰ্তমান তিনিগৰাকী দুবৃৰ্ত্তক আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানেও পলাতক অৱস্থাত আন এজন দুৰ্বৃত্ত। অতিশীঘ্ৰে বজৰং দলৰ সদস্য সকলে উক্ত ঘটনাৰ লগত জড়িত সকলো দৰ্বৃত্তক আটক কৰি দৃষ্টান্তমুলক শাস্তি বিহিবলৈ দাবী কৰিছে চৰকাৰ প্ৰশাসনক ৷

লগতে পঢ়ক- ধুবুৰীত 26 টাকৈ চোৰাং চেল পাম্প জব্দ

ABOUT THE AUTHOR

...view details