বাইহাটা, 22 জুন :অৱশেষত টোল গেটৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ । বাইহাটা চাৰিআলিৰ মদনপুৰত বিগত ১৬ জুনত মুকলি হৈছিল টোলগেট । মদনপুৰ হাইস্কুলৰ সন্মুখতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে নিৰ্মান কৰা টোলগেট বন্ধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত পূব কামৰূপ ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ।
টোল গেট বন্ধৰ দাবীত মানৱ শৃংখলেৰে ছাত্ৰ সন্থাই এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ । লকডাউনৰ সময়ত 144 ধাৰা বাহাল থকাৰ সুযোগত জোৰ-জুলুমকৈ টোল গেট নিৰ্মান কৰা বুলি উল্লেখ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে । টোল গেট বন্ধ নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই গনতান্ত্ৰিকভাৱে আন্দোলন চলাই যোৱাৰো হুঙ্কাৰ দিয়ে ।