বাইহাটা চাৰিআলিত ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ - অসম চৰকাৰ
ঠিকাভিত্তিত নিযুক্ত শিক্ষকসকলৰ বিভিন্ন দাবী সমূহ পূৰণ কৰাৰ দাবীত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷
বাইহাটা চাৰিআলি, 5 আগষ্ট : সোমবাৰে উত্তাল প্ৰতিবাদৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি কঁপাই তোলে ঠিকাভিত্তিক শিক্ষকে ৷ বাইহাটা চাৰিআলিৰ বিভিন্ন স্থানৰ বিদ্যালয় সমূহৰ পৰা অহা ঠিকা ভিত্তিক শিক্ষকে সাব্যস্ত কৰে এই প্ৰতিবাদ । ঠিকাভিত্তিক শিক্ষকসকলৰ অভিযোগ সুদীৰ্ঘ ১০ বছৰ ধৰি তেঁওলোকে চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে কিন্তু চৰকাৰে বিভিন্ন অজুহাত দি তেঁওলোকক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে ৷ তাৰ উপৰিও আদলতত চৰকাৰে দাখিল কৰা পুণৰীক্ষণ আবেদন প্ৰত্যাহাৰ, বি এড ডেপুটেচন দিয়া ইত্যাদি বিভিন্ন দাবীৰে তেওলোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে ঠিকাভিত্তিক শিক্ষক সকলৰ এই প্ৰতিবাদৰ ফলত আজি বিদ্যালয় সমূহৰ পাঠদানত ব্যাপক ব্যাঘাট জন্মে ৷ চৰকাৰৰ প্ৰতি তেঁওলোকৰ এটাই প্ৰশ্ন প্ৰয়োজনৰ সময়ত ঠিকা ভিত্তিক শিক্ষকসকলক যদি সকলোধৰণৰ চৰকাৰী কাম-কাজত নিয়োজিত কৰিব পাৰে তেন্তে তেঁওলোকৰ চাকৰি কিয় নিয়মীয়াকৰণ কৰিব নোৱাৰে?