গুৱাহাটী, 10 জুন :তিনিচুকীয়া বাঘজানৰ তৈলখাদ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে এক অভাৱণীয় পৰিস্থিতিৰ । জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰিছে অঞ্চলটো । মৃত্যু হৈছে জীৱকুল, জ্বলি ছাই হৈছে সকলো । বৰ্তমানো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অইল কৰ্তৃপক্ষই । পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনে যে অইলে এই খনন কাৰ্য চলাই আহিছ তাৰ বাবে এই ভয়ানক ঘটনাৰ উদ্ভৱ হৈছে ।
ইতিমধ্যেই দুইগৰাকীকৈ অইলৰ কৰ্মীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । এই হৃদয়বিদাৰক ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে 'আৰণ্যক' নামৰ সংস্থাটোৱ ৷ পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনে খনন কাৰ্য নকৰিবলৈ আহ্বান সংস্থাটোৰ । ইফালে এই ঘটনাত ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতি পূৰণ প্ৰদানৰ দাবী কৰে 'আৰণ্যক'ৰ প্ৰচাৰ সম্পাদিকা এলোলিকা সিনহাই ।