অসম

assam

ETV Bharat / city

ঈদৰ সামূহিক নামাজৰ পৰা বিৰত থাকক : বদৰুদ্দিন আজমল - ঈদৰ সামূহিক নামাজৰ পৰা বিৰত থাকক : বদৰুদ্দিন আজমল

ঈদৰ সমূহীয়া নামাজৰ পৰা বিৰত থাকিবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ ৷ বিশ্ব শান্তিৰ বাবে তথা কৰ'ণা ভাইৰাছৰ পৰা মুক্তি পাবলৈ সকলোকে দোৱা কৰিবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে ৷

ETV BHARAT
ঈদৰ সামূহিক নামাজৰ পৰা বিৰত থাকক : বদৰুদ্দিন আজমল

By

Published : May 24, 2020, 11:44 AM IST

গুৱাহাটী, 24 মেঃ পৱিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ বিশ্ব শান্তিৰ বাবে সকলোকে দোৱা কৰিবলৈ আহ্বান জনায় সাংসদ গৰাকীয়ে ৷

সমূহ ৰাইজকে ঈদৰ শুভেচ্ছা সাংসদ বদৰুদ্দিন আজমলৰ

সোমবাৰে সমগ্ৰ ভাৰতৰ লগতে অসমটো পালন কৰা হ'ব পৱিত্ৰ ঈদ-উল-ফিটৰ । সাংসদগৰাকীয়ে কয় যে, লক ডাউনৰ বাবে এইবাৰৰ ঈদৰ পৰিৱেশ সুকীয়া । ক'ৰণা ভাইৰাছৰ বাবে ভয়াৱহ সংকটৰ মাজত মানৱ জাতি । যাৰ বাবে সকলোৱে চৰকাৰী নীতি-নিয়ম মানি ঘৰতেই ঈদৰ নামাজ পঢ়িব লাগিব । লগতে নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে তথা কৰ'ণা ভাইৰাছৰ পৰা মুক্তি পাবলৈ সকলোকে দোৱা কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ৷ ইফালে ঈদে এক সুখময় বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক-ক’লাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সতীৰ্থ ৰবীন্দ্ৰ ৰাভাৰ দেহৱসান

ABOUT THE AUTHOR

...view details