গুৱাহাটী, ৪ জুলাই: ঈদ-উল-আজহা বা বকৰি ঈদ সমাগত (Eid ul Adha in Assam) । ইছলাম ধৰ্মাৱলম্বীসকলে কোৰবাণীৰ ঈদত যি জন্তু ব্যৱহাৰ কৰিলে পবিত্র ধর্মীয় কর্তব্য আদায় হয় আৰু কাৰো অনুভূতিত আঘাত নহয়, তেনে জন্তু ব্যৱহাৰ কৰিবলৈ ঈছলাম ধৰ্মালম্বী লোকলৈ আহ্বান জনাইছে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে (Badaruddin Ajmal comments on Kurbani)।
তেওঁ বিবৃতিযোগে জনাইছে যে, ভাৰত এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ দেশ । এই দেশৰ অধিকাংশ লোক সনাতন ধর্মাৱলম্বী । সনাতন ধর্মত গৰু এবিধ পূজনীয় জন্তু । গাই গৰুক এই দেশৰ সংখ্যাগুৰু মানুহে মাতৃ-সম জ্ঞান কৰে (Rituals of Eid ul Adha)। এই কথালৈ লক্ষ্য কৰি ২০০৮ চনত ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দে ঈদ-উল-আজহাত পাৰ্যমানে কোৰবাণী পৰ্বত গৰু ব্যৱহাৰ নকৰাৰ বাবে ৰাজহুৱা আবেদন জনাইছিল ।
ঈদ-উল-আজহাৰ কোৰবাণী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ভিন্ন মহলত সেই আবেদনত কোৱা হৈছিল যে, যিহেতু কোৰবাণী গৰুৰে কৰিব লাগিবই বুলি কোনো বাধ্যবাধকতা নাই আৰু যিহেতু গৰুৰ সৈতে এই দেশৰ সংখ্যাগুৰু মানুহৰ ধৰ্মীয় আবেগ জড়িত, সেয়ে কোৰবাণীৰ ঈদত বিকল্প জন্তুৰ ব্যৱহাৰ আদৰণীয় বুলি প্ৰকাশ কৰিছে (Using alternative animal of cow in Kurbani) । এই আহ্বান জনোৱাৰ পিছতে হিন্দু আৰু ইছলাম ধৰ্মালম্বী লোকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এই বিষয় সন্দৰ্ভত বিশ্ব হিন্দু মহাসংঘৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই বদৰুদ্দিন আজমলৰ এই আহ্বানক আদৰণি জনাইছে । তেওঁ কয়, ‘‘বদৰুদ্দিন আজমলে যি আহ্বান জনাইছে, এই কথা আমি দীৰ্ঘদিন ধৰি কৈ আহিছো । গৰু যিহেতু ধৰ্মীয় অনুভূতিৰ লগত জড়িত । গৰুক বাদ দি যি কোৰবাণী কৰে তাত আপত্তি নকৰো, সহযোগিতা কৰিম (Kurbani in Eid ul Adha) । বদৰুদ্দিন আজমলৰ এই আহ্বানে মহান পথৰ সন্ধান দিছে ।’’ ভাৰতবৰ্ষৰ মুছলিম সমাজক বদৰুদ্দিন আজমলৰ বাটেৰে আগবাঢ়িবলৈ আহ্বান জনায় বৈশ্যই ।
ইপিনে, এই বিষয় সন্দৰ্ভত সমাজকৰ্মী নেকিব ইমান শইকীয়াই কয়, ‘‘কোৰবাণী ইছলাম ধৰ্মালম্বী লোকৰ পৰম্পৰা হিচাপে চলি আহিছে । প্ৰতি বছৰে কোৰবাণী লুকুৱাই কৰা হয় যাতে অন্য ধৰ্মৰ লোকে আঘাত নাপায় । চৰকাৰে যদি কোৰবাণীক লৈ নীতি-নীৰ্দেশনা দিয়ে তাত ক’ব লগা নাই। গো-হত্যা বন্ধ কৰিলে সমগ্ৰ উত্তৰ-পূবতে কৰক । তাত ক’ব লগা নাই ৷ চৰকাৰক সমৰ্থন হে জনাম । কিয়নো আইন সকলৰে বাবে সমান । আমি ধৰ্মীয় আঘাত কাকো দিব নিবিচাৰোঁ’’ ।
সকলৱে মিলি জুলি থাকিব লাগিব বুলি মন্তব্য কৰি বদৰুদ্দিন আজমলক গৰু, ছাগলীক লৈ ৰাজনীতি নকৰি বানপীড়িত সকলক সহায় কৰিবলৈ আহ্বান জনায় নেকিব ইমান শইকীয়াই । এইবিলাক বিষয় যাতে ৰাজনীতিৰ চক্ৰান্ত নহয় তাৰ বাবে অনুৰোধ জনায় সমাজকৰ্মীজনে ।
লগতে পঢ়ক :যোৰহাটৰ চিপাহীখোলাত গৰু বজাৰ মুকলি