গুৱাহাটী, 27 ছেপ্টেম্বৰ :ৰাজ্যত চলিছে চাৰি সমষ্টিৰ উপ নিৰ্বাচনৰ গৰম বতাহ ৷ এই নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী নিৰ্বাচনকলৈ ৷ এ আই ইউ ডিএফ দলো ব্যস্ত হৈ পৰিছে উপ নিৰ্বাচনৰ বাবে ৷ নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য,''কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে কোনো আলোচনা হোৱা নাই'' ৷ কিন্তু কংগ্ৰেছৰ পৰা মিত্ৰতাৰ বাবে প্ৰস্তাৱ পালে মিত্ৰতা কৰাৰ এক ইংগিত দিয়ে আজমলে ৷
কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব নেকি এ আই ইউ ডিএফৰ ? - কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব নেকি এ আই ইউ ডিএফৰ ?
উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ লগত এ আই ইউ ডিএফৰ মিত্ৰতাৰ বাবে কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰে দলটোৰ প্ৰধান বদৰুদ্দিন আজমলে ৷
ইয়াৰোপৰি,আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ এ আই ইউ ডিএফ দল তৎপৰ হৈ উঠিছে বুলি মন্তব্য কৰে আজমলে ৷ এন আৰ চি সন্দৰ্ভত আজমলে কয়, বিৰোধিতা কৰা সকলে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে ৷ ইয়াৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যোৱাৰ কথাও উল্লেখ কৰে আজমলে ৷
উল্লেখ্য় যে ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু বিজেপি দলে ইতিমধ্যে প্ৰাৰ্থী তালিকাৰ পেনেল সাজু কৰিছে যদিও এই পৰ্যন্ত এ আই ইউ ডি এফ দলে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ ইফালে বৰপেটাৰ সংখ্যালঘূ অধ্যূষিত জনীয়া সমষ্টিত এ আই ইউ ডি এফ দলে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে যদিহে দলটোৱে কংগ্ৰেছৰ লগত গোপন মিত্ৰতা নকৰে ৷