অসম

assam

ETV Bharat / city

শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয় - গুৱাহাটী

অতি শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰি ৩০ ছেপ্তেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বি এডৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলে ৷

B.ed Students Protest At Guwahati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে চাকৰি আবেদন কৰাৰ পৰা বঞ্চিত হলো !

By

Published : Sep 1, 2020, 7:29 PM IST

গুৱাহাটী,1 ছেপ্তেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল বি এডৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল । পৰীক্ষাসমূহ শীঘ্ৰে অনুষ্ঠিত কৰি ৩০ ছেপ্তেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষাৰ্থীসকলে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে চাকৰি আবেদন কৰাৰ পৰা বঞ্চিত হলো !

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে চাকৰিৰ আবেদন জনোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্ৰতিবাদী শিক্ষাৰ্থী সকলৰ । গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১৫ ছেপ্তেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ এক জাননী জাৰি কৰিছিল যদিও কোনো পৰীক্ষাৰ সময়সূচী প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ পৰে শিক্ষাৰ্থীসকল। পৰীক্ষা অনুষ্ঠিত সন্দৰ্ভত কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো আশাব্যঞ্জক খবৰ লাভ নকৰাত এনেদৰেই প্ৰতিবাদত নামিছে তেওঁলোকে।

ইফালে উপাচাৰ্যৰ অনুপস্থিতিৰ বাবে প্ৰতিবাদী শিক্ষাৰ্থী সকলৰ সৈতে আলোচনাত মিলিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা শ্ৰেণী সমূহৰ সচিব জনে । শীঘ্ৰেই উপাচাৰ্যৰে আলোচনা কৰি শিক্ষাৰ্থীৰ দাবী পূৰণৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি আশ্বাস দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

ABOUT THE AUTHOR

...view details