গুৱাহাটী, 15 জুন :কামৰূপ মহানগৰ জিলাৰ অধীনৰ আজাৰাৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন শীঘ্ৰে উন্নত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব ৷ ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধকৰ বিশেষ অভিযানৰ কাৰ্যসূচী আজাৰা ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ পৰা মুকলি কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে ঘোষণা কৰে এই কথা(Keshab Mahanta inaugurates free booster dose vaccine of covid) । পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰে এই ঘোষণা ৷
উল্ল্খ্য যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধকৰ বিশেষ অভিযান অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আজাৰাৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন উন্নত চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে অনুৰোধ কৰে । তেওঁ কয় যে কামৰূপ মহানগৰ জিলাৰ অধীনৰ আজাৰা ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰ অঞ্চলটোত বিশেষ গুৰুত্ব আছে ।