গুৱাহাটী, 20 অক্টোবৰ : নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ উদ্যোগত স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষে চাইকেল ৰেলীৰ আয়োজন কৰা হয় ৷ মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা চানমাৰিলৈকে উলিওৱা হয় এই সজাগতামূলক চাইকেল ৰেলী ৷ ৰেলীত অংশ লয় প্ৰায় ডেৰ কুৰিৰো অধিক চাইক্লিষ্টে ৷ ৰেলীৰ শুভাৰম্ভণী কৰে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিছাৰ্ছ চেন্টাৰৰ পৰিচালন সঞ্চালক এম এন বৰুৱাই ৷
দিনক দিনে বৃদ্ধি পাই অহা মহিলাৰ স্তন কেন্সাৰৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু এই ভয়ংকৰ ৰোগ আৰম্ভ হোৱাৰ আগতেই কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ত মহিলাসকলক সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে এই ৰেলীৰ আয়োজন কৰা হয় ৷