অসম

assam

ETV Bharat / city

মহানগৰীত এখন বিদ্যালয়ে পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰিলে ছাত্ৰক - নৱম শ্ৰেণীত অধ্যয়ন কৰা দেৱ কলিতা

মহানগৰীৰ এখন বিদ্যালয়ে চলাইছে একনায়কত্ববাদ ৷ কাহিলীপাৰাস্থিত মানৱ কল্যাণ জাতীয় বিদ্যালয়ে এজন নৱম শ্ৰেণীৰ ছাত্ৰক পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰিলে ৷

পৰীক্ষা দিয়াৰ পৰা বঞ্চিত ছাত্ৰ
মানৱ কল্যাণ জাতীয় বিদ্যালয়

By

Published : Nov 19, 2020, 9:32 AM IST

গুৱাহাটী, 19 নৱেম্বৰ :শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান আৰু চৰকাৰী সকলো নিৰ্দেশনাক অমান্য কৰি কাহিলীপাৰাস্থিত মানৱ কল্যাণ জাতীয় বিদ্যালয়ে চলাইছে একনায়কত্ববাদ ৷ নৱম শ্ৰেণীত অধ্যয়ন কৰা দেৱ কলিতা নামৰ এজন ছাত্ৰক মাহিলী মাচুল দিব নোৱাৰা বাবে পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰিলে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ ন হাজাৰ টকাৰ বাবে এজন ছাত্ৰক পৰীক্ষাত বহাৰ অনুমতি নিদিলে কৰ্তৃপক্ষই ৷ উপায়ন্তৰ হৈ ছাত্ৰজনৰ পৰিয়ালে ভগদত্তপূৰ আৰক্ষী চকীত বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

মহানগৰীৰ এখন বিদ্যালয়ে চলাইছে একনায়কত্ববাদ

স্থানীয় ৰাইজে এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা অধ্যক্ষা আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী তুলিছিল ৷ এঘাৰ বছৰে বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰজনক এনেদৰে পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰাত মানসিকভাৱে ভাগি পৰিছে ছাত্ৰজনৰ লগতে অভিভাৱক ৷ লকডাউনে সকলোকে জুৰুলা কৰাৰ সময়ত এইদৰে বিদ্যালয়খনৰ পৰা ছাত্ৰজনক বহিষ্কাৰ কৰাক লৈ দুখ প্ৰকাশ কৰিছে ছাত্ৰজনৰ পিতৃ-মাতৃৰ লগতে স্থানীয় ৰাইজে ৷

মানৱ কল্যাণ জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ মন্তব্য

লগতে পঢ়ক :আছুৱে সদায় বলিষ্ঠভাৱে অসমৰ জাতীয় সত্বাক নেতৃত্ব দি যাব : দীপাংক নাথ

ABOUT THE AUTHOR

...view details