গুৱাহাটী, 12 ফেব্ৰুৱাৰীঃদেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক সকাহ দিবলৈ 25 ডিচেম্বৰ 2016 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 2.5 লাখৰ তলৰ নিম্ন আয়ৰ পৰিয়ালৰ বাবে আৰম্ভ কৰিছিল অটল অমৃত অভিযান যোজনা ।
বৰ্তমানে এই আঁচনিত সন্নিৱিষ্ট কৰা হৈ আছে মুঠ 12 টাকৈ বেমাৰ ৷ পূৰ্বেতে ইয়াৰ সংখ্যা আছিল কেৱল6 টা ৷ উল্লেখ্য যে, অসমতএই আঁচনি আৰম্ভ কৰা হৈছিল 2018 চনত ৷
2018 চনত অসমত অটল অমৃত অভিযান যোজনাৰ আৰম্ভণি বৰ্তমান সময়লৈকে এই আঁচনিৰ জৰিয়তে অসমত প্ৰায় 77 হাজাৰ ৰোগী উপকৃত হৈছে । অসমত বৰ্তমান এই আঁচনিৰ অধীনত 104 খন হাস্পতাল সংযুক্ত কৰা হৈছে ৷ ইয়াৰে 62 খনঅসমৰ আৰু 42 খন অসমৰ বাহিৰৰ বুলি জানিবলৈ দিয়ে অটল অমৃত অভিযান চচাইটিৰ বিষয়া কৰ্মচাৰী উৎপল কুমাৰ চক্ৰৱৰ্তীয়ে ৷
12 টাকৈ ৰোগ সাঙুৰি লোৱা হৈছে অটল অমৃত অভিযানত ইপিনে অটল অমৃত অভিযানৰ দ্বাৰা চিকিৎসা কৰা এগৰাকী ৰোগীয়ে কয়, তেওঁ এই আঁচনিৰ জৰিয়তে ব্যক্তিগত ভাৱে যথেষ্ঠ খিনি উপকৃত হৈছে । অটল অমৃত অভিযান নোহোৱা হ’লে হৃদয় ৰোগৰ বহু ব্যয়বহুল অস্ত্ৰোপ্ৰচাৰ, ঔষধ ইত্যাদিৰ ক্ৰয় কৰিবলৈ সক্ষম নহ’ল হয় । আনহাতে জি এম চি এইচৰ এগৰাকী বিষয়াৰ মতে, ইয়াৰ দ্বাৰা সাধাৰণ দৰিদ্ৰ ৰোগী সকল যথেষ্ট উপকৃত হৈছে । এই আঁচনিৰ জৰিয়তে গড়ে দৈনিক প্ৰায় ৭০ গৰাকী ৰোগীলাভাম্বিত হয় বুলি কয় ৷
অটল অমৃত যোজনাৰ দ্বাৰা অসমত উপকৃত 77 হাজাৰ ৰোগী অৱশ্যে এই আঁচনিৰ ক্ষেত্ৰত কিছু কিছু আসোঁৱাহ সোমাই আছে । এই বিষয়ত নেমকেয়াৰ হাস্পতালৰ মুখ্য পৰিচালক হিতেশ বৰুৱাই কয়, 'অটল অমৃত আৰু আয়ুস্মান ভাৰত এই আঁচনিৰ যোগেদি চৰকাৰে যি প্ৰচেষ্টা লৈছে ই সচাঁকৈয়ে প্ৰসংশনীয়। কিন্তু ইয়াত চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত কিছুমান আসোঁৱাহ লুকাই আছে যি বোৰ দূৰ কৰিব পাৰিলে ই এক দীৰ্ঘম্যাদি আঁচনিত পৰিণত হ’ব ৷