গুৱাহাটী,8 এপ্ৰিল : বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত কেব৷ বিজেপিৰ ৰাষ্ট্ৰীয়ভাৱে প্ৰকাশিত ইস্তাহাৰত পুনৰ কেবৰ প্ৰসংগ অনা বিষয়টোক তীব্ৰ ভাষাৰে নিন্দা সদৌ অসম ছাত্ৰ সন্থাৰ ।
বিজেপিৰ ইস্তাহাৰত কেব অন্তৰ্ভূক্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আবেগক উলাই কৰিছে বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ৷ লগতে অসমৰ জনসাধাৰণৰ নিৰাপত্তাবোধ, অসমৰ ভাষা-সংস্কৃতি, সভ্যতা আদি সকলোবোৰ সুনিশ্চিত কৰাৰ বাবে দলটোক শিক্ষা দিয়াৰ সময় আহিছে বুলিও সকীয়নি দিয়ে সভাপতিগৰাকীয়ে ৷ কেৱল এয়াই নহয়,জনসাধাৰণক বিপথে পৰিচালিত কৰি জনসাধাৰণৰ পৰা ভোট পাবৰ বাবে কিছুমান কৌশল অৱলম্বন কৰি বিজেপি ক্ষমতাত আহিলেই নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি অসমৰ সভ্যতা-সংস্কৃতি থান-বান কৰি দিব বুলিও ক্ষোভ প্ৰকাশ কৰে দীপাংকৰ নাথে ।
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত পুনৰ কেবৰ প্ৰসংগঃ আছুৰ তীব্ৰ গৰিহণা নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে 30 টা সংগঠনৰ লগতে অসমৰ জনসাধাৰণ,বুদ্ধিজীৱী, সাংবাদিক সকলোৱে মিলি বিৰোধিতা কৰাৰ পাচতো এই বিলখন আনিব বুলি বীৰদৰ্পে ঘোষণা কৰা কাৰ্যক গৰিহণা দিয়ে দীপাংকৰ নাথে৷ সেয়েহে ৰাজপথত সংগ্ৰাম অব্যাহত ৰাখিম বুলি কৈ পৰৱৰ্তী পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাই নিজা পৰিকল্পনা যুগুত কৰি এই বিলখন প্ৰতিহত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।
আনহাতে, গণতন্ত্ৰত ৰাইজেই ৰজা বুলি কৈ ৰাইজে ইচ্ছা কৰিলে এই দলটোক উচিত প্ৰত্যুত্তৰ দিব পাৰে বুলি মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে । অসমৰ জনসাধাৰণক তেওঁলোকে যোৱা পাঁচ বছৰে নিৰ্যাতন কৰিছে যদিও অসমৰ ৰাইজে যদি সঠিক সিদ্ধান্ত লয় তেন্তে তেওঁলোকে এইধৰণৰ নিৰ্যাতন চলাব নোৱাৰিব বুলি কয় সভাপতিগৰাকীয়ে ৷ সেয়েহে এই নিৰ্বাচনতে বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনায় সভাপতিগৰাকীয়ে ৷