অসম

assam

ETV Bharat / city

জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ; হত্যাৰ সন্দেহ - Astrologer arrested alleged of murder

দিছপুৰ লাষ্টগেটত জ্যোতিষী নীল মাধৱ শইকীয়াৰ বাসগৃহৰ পৰা উদ্ধাৰ পম্পী ঘোষ নামৰ এগৰাকী মহিলাৰ মৃতদেহ । যুৱতী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি প্ৰেমিকৰূপী জ্যোতিষী নীল মাধৱেই পম্পী ঘোষক হত্যা কৰিছে (Astrologer allegedly killed girl in Guwahati) ।

জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

By

Published : Apr 28, 2022, 10:28 PM IST

গুৱাহাটী, ২৮ এপ্ৰিল : গুৱাহাটীত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ (Dead body recovered in Guwahati)। জ্যোতিষীৰ বাসগৃহত উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ । দিছপুৰ লাষ্টগেটত জ্যোতিষী নীল মাধৱ শইকীয়াৰ বাসগৃহৰ পৰা উদ্ধাৰ পম্পী ঘোষ নামৰ এগৰাকী মহিলাৰ মৃতদেহ । যুৱতী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি প্ৰেমিকৰূপী জ্যোতিষী নীল মাধৱেই পম্পী ঘোষক হত্যা কৰিছে (Astrologer allegedly killed girl in Guwahati) ।

গুৱাহাটী মহানগৰীৰ নীল মাধৱ শইকীয়া নামৰ জ্যোতিষীজনৰ বাসগৃহত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইপিনে যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত জ্যোতিষী নীল মাধৱে যুৱতী গৰাকীয়ে নিজেই চীপ লৈ আত্মহত্যা কৰা বুলি সদৰী কৰিছে । মৃত্যু হোৱা যুৱতী গৰাকীৰ ঘৰ গুৱাহাটীৰ বিষ্ণুপুৰত । জ্যোতিষী নীল মাধৱৰ সৈতে যুৱতী গৰাকীয়ে বিগত তিনি বছৰ ধৰি কৰ্মৰত হৈ আছিল ।

ইপিনে এই ঘটনা সংঘটিত হোৱাৰ পাছতে দিছপুৰ আৰক্ষীয়ে জ্যোতিষী নীল মাধৱক আটক কৰি সোধ-পোছ আৰম্ভ কৰিছে (Astrologer arrested alleged of murder)।

লগতে পঢ়ক :মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়

ABOUT THE AUTHOR

...view details