গুৱাহাটী, 6 মাৰ্চ :দেওবাৰে বিয়লি 4 বজা পৰ্যন্ত ইউক্ৰেইনৰ পৰা সুকলমে আহি ভাৰতত উপস্থিত হোৱা শিক্ষাৰ্থীৰ সংখ্যাই এশৰ ঘৰ স্পৰ্শ কৰিলে । দেওবাৰ বিয়লি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই টুইট যোগে এই তথ্য প্ৰকাশ কৰিছে । দেওবাৰে পুৱতি নিশা ছয় গৰাকীকৈ অসমৰ শিক্ষাৰ্থীয়ে নিৰাপদে ইউক্ৰেইনৰ পৰা আহি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত দেওবাৰেই বিয়লিৰ ভাগলৈ যুদ্ধভূমিৰ পৰা সুকলমে আহি দিল্লীত অৱতৰণ কৰে আৰু চাৰিগৰাকী অসমৰ শিক্ষাৰ্থীয়ে (Assamese students from Ukraine have arrived in India) ।
দিল্লীত উপস্থিত হোৱা এই চাৰিগৰাকী শিক্ষাৰ্থী ক্ৰমে, ডিব্ৰুগড়ৰ অনন্যা দাস, শিলচৰৰ দেৱাংগন বৰ্মন, শিলচৰৰ উদিত ভট্টাচাৰ্য আৰু ধুবুৰীৰ আহমেদ নুৰ ইমৰুল কায়েছ ৷ ইয়াৰ পূৰ্বে দেওবাৰে পুৱতি নিশা আহি দিল্লীত উপস্থিত হৈছিল অসমৰ আৰু ছয়গৰাকী শিক্ষাৰ্থী ৷ এই শিক্ষাৰ্থীসকল ক্ৰমে নগাঁৱৰ নয়নজ্যোতি দাস, মুমশ্বাদ হুজেইফ উদ্দিন আহমেদ, ছাদ্দাম হুছেইন, নলবাৰীৰ মৃগাক্ষী কলিতা আৰু গুৱাহাটীৰ ভাস্বতী গোস্বামী আৰু স্নেহা ডেকা ।