গুৱাহাটী, 1 মাৰ্চ :ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Russia Ukraine War)। ইয়াৰ মাজতে যুদ্ধজৰ্জৰ ইউক্ৰেইন (Russia Ukraine War) ত অসমৰ ১৬০ গৰাকী লোক আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে অসম চৰকাৰে ৷ পৰিয়ালৰ লোককে ধৰি বিভিন্ন উৎসৰ পৰা অসম চৰকাৰে এই তথ্য লাভ কৰিছে যদিও এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।
ইফালে সোমবাৰে বিয়লি ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত ৰক্তৰঞ্জিৎ ইউক্ৰেইনৰ পৰা আহি উপস্থিত হয় অসমৰ তিনি গৰাকী শিক্ষাৰ্থী । এই তিনিজন শিক্ষাৰ্থী হৈছে শুৱালকুছিৰ দীপশিখা দাস, যোৰহাটৰ প্ৰয়াস শৰ্মা আৰু মৰাণৰ অৱনীশ ফুকন । নতুন দিল্লীৰ অসম ভৱনত নিশাটো তেওঁলোকক ৰখাৰ পাছত মঙলবাৰে বিমানযোগে গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ইফালে ভাৰত চৰকাৰৰ অপাৰেচন গংগাৰ অধীনত মঙলবাৰে দিনৰ ভাগত ইউক্ৰেইনত অধ্যয়নৰতঅসমৰ তিনিগৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ক্ৰমে, সমাদ্ৰিতা হাজৰিকা, মনিষা বৈশ্য আৰু মনিষা ৱাহিদ সুকলমে নতুন দিল্লীত উপস্থিত হয় (Assamese students studying in Ukraine to arrive India ) । সেই হিচাপত এতিয়ালৈকে অসমৰ 18 গৰাকী লোক যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :Russia-Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ মৃত্যু
অসম চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ 142 গৰাকী লোক । ইয়াৰে প্ৰায়সংখ্যকেই শিক্ষাৰ্থী । অৱশ্যে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । এই তথ্য মতে ইউক্ৰেইনত গুৱাহাটী মহানগৰীৰ 59 গৰাকী, বজালীৰ এগৰাকী, বাক্সাৰ দুইগৰাকী, বৰপেটাৰ 7 গৰাকী, বিশ্বনাথৰ এগৰাকী, বঙাইগাঁৱৰ 4 গৰাকী, কাছাৰৰ 5 গৰাকী, চৰাইদেউৰ এগৰাকী, চিৰাঙৰ এগৰাকী, দৰঙৰ 9 গৰাকী, ধেমাজীৰ এগৰাকী আৱদ্ধ হৈ আছে (Assamese students trapped in Ukraine) ৷
লগতে ধুবুৰীৰ 5 গৰাকী, ডিব্ৰুগড়ৰ 6 গৰাকী, ডিমা হাচাওৰ এগৰাকী, গোলাঘাটৰ 3 গৰাকী, হাইলাকান্দিৰ দুইগৰাকী, হোজাইৰ এগৰাকী, যোৰহাটৰ তিনিগৰাকী, কামৰূপৰ এগৰাকী, কৰিমগঞ্জৰ দুগৰাকী, কোকৰাঝাৰৰ এগৰাকী, লখিমপুৰৰ 3 গৰাকী, মৰিগাঁৱৰ 3 গৰাকী, নগাঁৱৰ 9 গৰাকী, নলবাৰীৰ 9 গৰাকী, শিৱসাগৰৰ দুগৰাকী, শোণিতপুৰৰ দুগৰাকী, তিনিচুকীয়াৰ 4 গৰাকী আৰু ওদালগুৰীৰ 7 গৰাকী লোক আৱদ্ধ হৈ আছে (Assamese people stranded in ukraine) ।