অসম

assam

ETV Bharat / city

শ্ৰদ্ধাঞ্জলি কাননত মুক্তি পালে অসমীয়া ছবি 'প্ৰতিঘাত'ৰ গান

মঙলবাৰে শ্ৰদ্ধাঞ্জলি কাননত মুক্তি পালে প্ৰতিঘাত ছবিৰ নতুন গান ৷ অনুষ্ঠানত ছবিখনৰ কলা-কুশলীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

নতুন অসমীয়া ছবি 'প্ৰতিঘাত'ৰ পোষ্টাৰ

By

Published : Oct 30, 2019, 10:50 AM IST

Updated : Oct 30, 2019, 11:36 PM IST

গুৱাহাটী, 30 অক্টোবৰ :'কাঞ্চনজংঘা' আৰু 'ৰত্নাকৰ'ৰ সফলতাৰ পাচত 6 ডিচেম্বৰত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'প্ৰতিঘাত'। ৰাজদীপৰ কাহিনীৰে নৰেন্দ্ৰ এন চিন্থ আৰু নলিনী ৰয়ৰ প্ৰযোজনাৰে মুকলি পাব লগা প্ৰতিঘাত ছবিৰ পৰিচালনা অচিন্ত শংকৰৰ ৷ মঙলবাৰে শ্ৰদ্ধাঞ্জলি কাননত মুকলি কৰা হয় প্ৰতিঘাত ছবিৰ পোষ্টাৰ,টিজাৰ আৰু তিনিটাকৈ গান। এই অনুষ্ঠানত উপস্থিত থাকে অভিনেতা যতীন বৰা, গৰিমা গাৰ্গ,মঞ্জুলা বৰুৱা,বিশিষ্ট সাংবাদিক গৌতম শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।

প্ৰতিঘাতৰ পোষ্টাৰ

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু দিগন্ত হাজৰিকাই। এই ছবিত সহযোগী শিল্পী হিচাপে অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া,সিদ্ধাৰ্থ শৰ্মা আৰু ৰত্নাকৰ ছবিৰ শিশু শিল্পী আশ্ৰুমিকা শইকীয়া। প্ৰতিঘাত ছবিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,অংগৰাগ মহন্ত আৰু দীক্ষুয়ে।

প্ৰতিঘাত সম্পৰ্কত অমৃতা গগৈৰ মন্তব্য

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা অমৃতা গগৈয়ে ছবিখন সম্পৰ্কত মন্তব্য কৰে যে,নাৰীকেন্দ্ৰিক আৰু বৰ্তমান সময়ত নাৰীৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা প্ৰতিঘাত ছবিখনত দৰ্শকে লাভ কৰিব এক্সন আৰু ৰোমাঞ্চ ৷ শিল্পী দিগন্ত হাজৰিকাইও ছবিখনৰ বিষয়ে কিছু আভাস দিয়াৰ লগতে উপস্থিত দৰ্শকৰ আগত ছবিৰ সংলাপ কয় ৷ ছবিৰ পৰিচালক অচিন্ত শংকৰে ছবিখনৰ আঁৰৰ বহু কথা কোৱাৰ লগতে ছবিখন অসমৰ দৰ্শকে ভাল পাব বুলি আশা প্ৰকাশ কৰে। অংগৰাগ পাপন মহন্তই কন্ঠ দান কৰা 'বেচেৰা এই মন' শীৰ্ষক গীত মুকলি কৰা হয় শ্ৰদ্ধাঞ্জলি কাননৰ অনুষ্ঠানত ।

প্ৰতিঘাত সম্পৰ্কত দিগন্ত হাজৰিকাৰ মন্তব্য
Last Updated : Oct 30, 2019, 11:36 PM IST

ABOUT THE AUTHOR

...view details