গুৱাহাটী, 9 নৱেম্বৰ : অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজে 5 লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ এই কথা প্ৰকাশ কৰি শনিবাৰে খিলঞ্জীয়া মুছলমান সংগঠনৰ ঐক্যমঞ্চৰ মুখ্য আহ্বায়ক মমিনুল আৱালে কয় যে, "ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি ঐতিহাসিক ৰায় প্ৰদান কৰিলে তাক আমি আদৰণি জনাইছো ৷ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি ট্ৰাষ্ট গঠন কৰা হ'ব সেই ট্ৰাষ্টত মন্দিৰ নিৰ্মাণাৰ্থে অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ সমন্বয় মঞ্চ 'জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসম'ৰ তৰফৰ পৰা 5 লাখ টকা আগবঢ়াম ৷"
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ 5 লাখ - Historical Ram janmabhoomi-Babri Masjid conflict update
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 5 লাখ টকা ঘোষণা কৰিছে অসমৰ খিলঞ্জীয়া মুছলমান সমাজে ৷ শনিবাৰে বহু বিবাদিত গোচৰটোৰ ৰায়দান হোৱাৰ পাচতে এই ঘোষণা কৰে খিলঞ্জীয়া সমাজে ৷

উচ্চতম ন্যায়ালয়
ৰাম মন্দিৰৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ 5 লাখ
উল্লেখ্য যে, শনিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ৰামজন্মভূমি-বাবৰি মছজিদৰ বহু বিবাদিত গোচৰৰ ৰায়দান কৰে ৷ এই ৰায়দান অনুসৰি, অযোধ্যাৰ বিবাদিত অঞ্চলত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব আৰু মছজিদ নিৰ্মাণৰ বাবে 5 একৰ মাটি প্ৰদান কৰা হ'ব ৷