গুৱাহাটী, ৬ জুলাই : ‘‘অসমৰ এক অংশক বাদ দিলে আমি সকলোৱে খিলঞ্জীয়া । অসমীয়াৰ সংজ্ঞা নালাগে । আইনৰ বাবে সংজ্ঞা লাগে । অসমৰ বুৰঞ্জী পঢ়িলে ১০০ বছৰৰ আগত কোন আছিলে নিজে গম পাওঁ । মৰাণ, মটক, আহোম, কোচ, কলিতা আমিয়ে খিলঞ্জীয়া ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ মাটিৰ লগত নিৰবিচ্ছিন্নভাৱে থকা মুছলমান সম্প্ৰদায়ৰ কেইবাটাও উপ-গোটে নিজৰ সংস্কৃতিক পৰিচয় অক্ষুন্ন ৰখাৰ বাবে এক দীঘলীয়া সংগ্ৰাম কৰি আহিছিল । অসম চৰকাৰে দীঘলীয়া সংগ্ৰামৰ স্বীকৃতি দি এই উপ-গোটসমূহক খিলঞ্জীয়া অসমীয়া মুছলমানৰ সংজ্ঞা সমাহিত কৰিছে (Indigenous status to Assamese speaking Muslims)।
পৰৱৰ্তী পৰ্যায়ত খিলঞ্জীয়া অসমীয়া মুছলমান সমাজখনৰ লোকপিয়লে তেওঁলোকৰ আৰ্থসামাজিক বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই (Himanta Biswa Sarma on indigenous Assamese Muslims)।
উল্লেখ্য যে, পবিত্ৰ ঈদ-উজ-জোহাৰ পূৰ্বে অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ পাঁচটা উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিলে অসম কেবিনেটে (Assamese Muslims recognized as a distinct indigenous community)। মুছলমান সম্প্ৰদায়ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দসকলক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হৈছে । ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
অসমৰ একাংশক বাদ দিলে আমি সকলোৱে খিলঞ্জীয়া : হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি উক্ত পাঁচটা অসমীয়া মুছলমান উপ-গোটক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত কেবিনেটে অনুমোদন জনায় । ৰাজ্য চৰকাৰৰ এই পদক্ষেপে অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তর্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণৰ ক্ষেত্রত সর্বাংগীণ বিকাশ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে (Development of Assamese Muslims)।
উল্লেখ্য যে, ২০২১ চনত সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগে গঠন কৰা উপ-সমিতিসমূহে শ শ বছৰ ধৰি অসমত বাস কৰি অহা খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়, শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ, স্বাস্থ্যসেৱা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণ সন্দৰ্ভত বিস্তৃতভাৱে অধ্যয়ন কৰিছিল । তাৰ পাছত ৭ খন উপ সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল ।
2011 চনৰ লোকপিয়ল অনুসৰি, অসমত 10.67 নিযুতৰো অধিক মুছলমান আছে । পূব বংগ বা বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা বঙালী ভাষী মুছলমানসকলৰ বিপৰীতে, থলুৱা অসমীয়া মুছলমানসকলে অসমীয়াক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে আৰু অসমীয়া লোকৰৰ দৰে সাংস্কৃতিক পৰম্পৰা আৰু উৎসৱ পালন কৰে ।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে প্ৰশ্ন কৰি কয় যে, আগতে তেওঁলোক খিলঞ্জীয়া নাছিল নেকি ? তাৰ মানে চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি ? চৰকাৰৰ কেবিনেটত সিদ্ধান্ত ল’লেহে খিলঞ্জীয়া হ’ব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, এতিয়ালৈকে খিলঞ্জীয়াৰ সংজ্ঞাই নিৰূপন হোৱা নাই । আগতে এই পাঁচটা জনগোষ্ঠী খিলঞ্জীয়া নাছিল নেকি বুলি তেওঁ প্ৰশ্ন কৰে (Rokibul Hussain on indigenous recognition of Assamese Muslims)।
গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে কয়,"আমি ২০০৬ চনৰ পৰা আমাৰ সম্প্ৰদায়সমূহৰ বাবে পৃথক শ্ৰেণীবিভাজনৰ দাবী কৰি আহিছো । কিন্তু যিহেতু তেনে কোনো বিষয় নাছিল, আমি বঙালী ভাষী মুছলমানসকলৰ সৈতে একে হৈ পৰিছিলোঁ আৰু উপেক্ষিত হৈছিলো । আজিৰ সিদ্ধান্তৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছো" ।
বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে কয়, "আমি অসমত এক আণুবীক্ষণিক সংখ্যালঘু আৰু ৰাজ্যখনৰ থলুৱা লোক হোৱা স্বত্বেও কোনো সুবিধা লাভ কৰা নাই । এই সিদ্ধান্তটো আমাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত আৰু ই আমাৰ সম্প্ৰদায়সমূহৰ পৃথক লোকপিয়লৰ পথ প্ৰশস্ত কৰিব" । মুঠতে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি ৰাজ্যৰ একাংশ মুছলমান লোকে অসন্তুষ্টি প্ৰকাশ কৰিলেও কিন্তু দীৰ্ঘদিনৰ পাৰ দাবী তুলি অহা অসমীয়াভাষী মুছলমান সকলে এই সিদ্ধান্তৰ সমৰ্থন জনাইছে ৷
লগতে পঢ়ক :অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি: মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যৰ মুছলমান সমাজৰ