আজি 9 বজালৈ দহটা মুখ্য সংবাদ-
বহিঃৰাজ্যৰ পৰা অহা সকলো ব্যক্তি তথা কৰ'ণা সংক্ৰমনৰ সন্দেহ থকা লোকসকলক "মানৱীয় দৰদৰ জড়িয়তে আপোচবিহীনভাৱে কোৱাৰেণ্টাইনত থকাৰ নীতি" মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ যদি কোনো লোকে কোৱাৰেণ্টাইনৰ পৰা পলায়ন কৰে তেন্তে তেঁওৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰা হ'ব৷
বৃহস্পতিবাৰে গোলাঘাটৰ দেৰগাঁৱৰ চিকাৰী ঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে দিহিং পাটকাইৰ পৰিস্থিতি সন্দৰ্ভত বনমন্ত্ৰীক মূল স্থানলৈ যাবলৈ নিৰ্দেশ দিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
নতুন তালিকা মতে হিতাধিকাৰীসকলক বিতৰণ কৰা হ’ল চৰকাৰী সাহাৰ্যৰ চাউল । পূৰ্বৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছিল বহু ৰেচন কাৰ্ড থকা মানুহৰ ।
জৈৱ বৈচিত্ৰৰে ভৰা দিহিং পাটকাইত কয়লাখনন সন্দৰ্ভত ভূতত্ববিদ ড৹ বিজয় কৃষ্ণ চেতিয়ায়ো নিজৰ মতাতমত প্ৰকাশ কৰে । তেখেতে কয় যে, কয়লাৰ মুক্ত খননৰ বাবে অনুমতি প্ৰদান কৰা হৈছে যদিও সেই অঞ্চলটো দিহিং পাটকাই অভয়াৰণ্যৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্ভূক্ত নহয় কিন্তু ই দিহিং পাটকাই হস্তী বনাঞ্চলৰ অন্তৰ্ভূক্ত । সেয়েহে এই অঞ্চলটোৰ জৈৱ বৈচত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰটো চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো জৰুৰী বুলি মন্তব্য কৰে ভূতত্ববিদ গৰাকীয়ে । আনহাতে, হস্তী বনাঞ্চলত খননকাৰ্য চলালে ইয়াৰ পৰা হস্তী মানুহৰ সংঘাত বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰে বিজয় কৃষ্ণ চেতিয়াই ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্তক ভেকোঁভাওনা আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালক নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷