অসম

assam

ETV Bharat / city

নতুন দিল্লীৰ দ্বাৰা ঘোষিত মৎস্য পালন এৱাৰ্ডৰ শীৰ্ষত অসম - সকলো শিতানতে শীৰ্ষ স্থান দখল কৰিছে অসমে

নতুন দিল্লীৰ দ্বাৰা ঘোষিত মৎস্য পালন বঁটাৰ শীৰ্ষত অসম ৷ প্ৰায় সকলো শিতানতে শীৰ্ষ স্থান দখল কৰিছে অসমে ৷ 21 নৱেম্বৰত নতুন দিল্লীৰ এ. পি. ছিন্দে ছিম্পচিয়াম হলত আয়োজন কৰা হ'ব বঁটা প্ৰদান অনুষ্ঠানৰ ৷

World Fishery Day, 2020 Award
মৎস্য পালন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰণালয়

By

Published : Nov 19, 2020, 1:31 PM IST

নিউজ ডেস্ক, 19 নৱেম্বৰ : মৎস্য পালন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰণালয়, ভাৰত চৰকাৰ, কৃষি ভৱন, দিল্লীয়ে অসমক মৎস্য পালনৰ ক্ষেত্ৰত 'শ্ৰেষ্ঠ ৰাজ্যৰ বঁটা' প্ৰদান কৰিছে ৷ পাহাৰীয়া ৰাজ্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আবেদনকাৰী ৰাজ্যসমূহৰ ভিতৰত অসমে দখল কৰিবলৈ সক্ষম হৈছে এই সন্মান ৷ যোৱা তিনি বছৰত মৎস্য পালন বিভাগত দেখুওৱা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি অসমে সৰ্বোচ্চ পইন্ট লাভ কৰি এই সন্মান দখল কৰিছে ৷

নতুন দিল্লীৰ দ্বাৰা ঘোষিত মৎস্য পালন এৱাৰ্ডৰ শীৰ্ষত অসম

এই বঁটাৰ সৈতে অসমে লাভ কৰিব 10 লাখ টকাৰ প্ৰাইজমানি, এখন প্ৰমাণপত্ৰ, এখন শ্বল আৰু এক স্মাৰক ৷ নতুন দিল্লীৰ এ. পি. ছিন্দে ছিম্পচিয়াম হলত 21 নৱেম্বৰত আয়োজিত কৰা অনুষ্ঠানত অসম চৰকাৰৰ হৈ এই বঁটা গ্ৰহণ কৰিব মৎস্য পালন বিভাগৰ কমিছনাৰ আৰু সচিব শ্ৰী ৰাকেশ কুমাৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকিব মৎস্য পালন, পশুপালন আৰু দুগ্ধপালনৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, মৎস্য পালনৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাশ চন্দ্ৰ সাৰংগী, ড0 সঞ্জীৱ কুমাৰ বাল্যান আৰু বহুকেইজন গণ্য-মান্য ব্যক্তি ৷

নতুন দিল্লীৰ দ্বাৰা ঘোষিত মৎস্য পালন এৱাৰ্ডৰ শীৰ্ষত অসম

পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জিলাৰ শিতানতো অসমে শ্ৰেষ্ঠ জিলাৰ সন্মানো লাভ কৰিবলৈ সক্ষম হয় ৷ এই সন্মান লাভ কৰে নগাঁও জিলাই ৷ যোৱা তিনি বছৰত মৎস্য পালন বিভাগত জিলাসমূহৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত সৰ্বোচ্চ পইন্ট লাভ কৰে নগাঁও জিলাই ৷ নগাঁও জিলাৰ মৎস্য পালন উন্নয়ন বিষয়া ড0 ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে নতুন দিল্লীত নগাঁও জিলা কৰ্তৃপক্ষৰ হৈ এই সন্মান গ্ৰহণ কৰিব ৷

পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ মৎস্য পালকৰ শিতানতো অসমে বঁটা দখল কৰিবলা সক্ষম হৈছে ৷ এই সন্মান লাভ কৰে নলবাৰী জিলাৰ অমল মেধীয়ে ৷ যোৱা তিনি বছৰৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি অমল মেধীয়ে সৰ্বোচ্চ পইন্ট লাভেৰে এই সন্মান দখল কৰিবলৈ সক্ষম হয় ৷ নতুন দিল্লীত এই সন্মান দখলৰ বাবে উপস্থিত হ'ব অমল মেধী ৷

শ্ৰেষ্ঠ অৰ্ধ চৰকাৰী সংগঠনৰ সন্মানো লাভ কৰে অসমে ৷ পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত এই সন্মান দখল কৰে অসম এপেক্স কৰ্পাৰেটিভ ফিছ মাৰ্কেটিং আৰু ফেডাৰেছন লিমিটেডে ৷

লগতে পঢ়ক :ইন্দিৰা গান্ধীৰ 103 সংখ্যক জন্ম বাৰ্ষিকীত কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details