গুৱাহাটী, ১০ নৱেম্বৰ :মধ্য প্ৰদেশৰ বিদিশাত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া অল ইণ্ডিয়া স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বিপ, ২০১৯ ৰ বাবে অসমৰ ১৪ জনীয়া 19 বছৰ অনুৰ্ধ দলে যাত্ৰা কৰে ৷ ৰেলযোগে যাত্ৰা কৰা দলটোৰ সৈতে আছে মেনেজাৰ জলটি ৰাম কাকতি আৰু প্ৰশিক্ষক দেৱজিৎ ডেকা ৷
ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম দলৰ যাত্ৰা - Assam under-19 Volleyball team on a tour to Madhya Pradesh
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম দলে ৰেলযোগে মধ্য প্ৰদেশলৈ যাত্ৰা কৰিছে ৷ ১৪ জনীয়া 19 বছৰ অনুৰ্ধ দলটোৰ সৈতে আছে মেনেজাৰ জলটি ৰাম কাকতি আৰু প্ৰশিক্ষক দেৱজিৎ ডেকা ৷
ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম দলৰ যাত্ৰা
প্ৰশিক্ষক দেৱজিৎ ডেকাই এই সম্পৰ্কত মন্তব্য কৰে যে, ৰাজ্যৰ সকলো জিলাৰ পৰা ৮০ গৰাকী খেলুৱৈয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুশীলন কৰে আৰু ইয়াৰ পৰাই ১৫ গৰাকী খেলুৱৈক বাছনি কৰা হয় ৷ অসম চৰকাৰৰ সৌজন্যত যোৱা ২৯ অক্টোবৰত দহদিনীয়া শিবিৰৰ আয়োজন কৰা হৈছিল আৰু ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰণালয়ে ১২ গৰাকী খেলুৱৈৰ বাচনি কৰে । অসমত ভলীবলৰ জগতখন বৰ্তমান খুবেই ভাল বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে ৷