অসম

assam

ETV Bharat / city

ভয়াৱহ বানৰ কৱলত ৰাজ্যঃ 7গৰাকীৰ মৃত্যু, লক্ষাধিক ক্ষতিগ্ৰস্থ - অসমত বানত মৃত্যু

ৰাজ্য চৰকাৰৰ দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়মীয়া বুলেটিন অনুসৰি পূৰ্বৰ দিনকেইটাৰ তুলনাত দেওবাৰে বানৰ প্ৰকোপ ৰাজ্যত সামান্য পৰিমাণে হ্ৰাস পাইছে । বৰ্তমান বানত সৰ্বাধিক আক্ৰান্ত হৈ থকা তিনিখন জিলা হৈছে হোজাই, নগাঁও আৰু গোৱালপাৰা ।

7গৰাকীৰ মৃত্যু, লক্ষাধিক ক্ষতিগ্ৰস্থ
7গৰাকীৰ মৃত্যু, লক্ষাধিক ক্ষতিগ্ৰস্থ

By

Published : Jun 1, 2020, 4:33 PM IST

গুৱাহাটী, 1 জুনঃভৰ-বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বেই ৰাজ্যৰ সাতখন জিলাক বিভিন্ন নদী-উপ নদীয়ে বিধ্বস্ত প্ৰায় কৰি তুলিছে । আগবাৰিষাৰ প্ৰথমটো বানে এই পৰ্যন্ত প্ৰাণ কাঢ়ি নিছে সাতজনকৈ লোকৰ । শনিবাৰলৈকে ৰাজ্যত হোৱা প্ৰথমটো বানত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছিল যদিও দেওবাৰে এই সংখ্যা সাতজনলৈ বৃদ্ধি পায় । দেওবাৰৰ দিনটোত বানত প্ৰাণ হেৰুওৱা তিনিওজনেই হৈছে শিশু । নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আটি কামপুৰ আৰু কচুৱা গেৰেজাই পামত বাঢ়নী পানীত পৰি প্ৰাণ হেৰুৱাই ৰূপজ্যোতি লস্কৰ (১৩) আৰু আঢ়ৈ বছৰীয়া মহম্মদ ওমৰ নামৰ শিশু দুটিয়ে । একেদৰে গোৱালপাৰাৰ খাগ্ৰাবাৰী গাঁৱত বাঢ়নী পানীত পৰি মৃত্যুক সাৱটিবলগীয়া হয় বনিদুল আলী নামৰ আন এটি শিশুৱে ।

ৰাজ্য চৰকাৰৰ দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়মীয়া বুলেটিন অনুসৰি পূৰ্বৰ দিনকেইটাৰ তুলনাত দেওবাৰে বানৰ প্ৰকোপ ৰাজ্যত সামান্য পৰিমাণে হ্ৰাস পাইছে । বৰ্তমান বানত সৰ্বাধিক আক্ৰান্ত হৈ থকা তিনিখন জিলা হৈছে হোজাই, নগাঁও আৰু গোৱালপাৰা । এই তিনিখন জিলাত প্ৰায় 2 লাখ 52 হাজাৰ 150 গৰাকী লোক বানত আক্ৰান্ত হৈছে । এই তিনিখন জিলাত প্ৰথমটো বানত 293 খন গাওঁ বিস্তৰভাবে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 25,044 হেক্টৰ কৃষিভূমি জাহ গৈছে ।

ডিব্ৰুগড় আৰু ওদালগুৰি জিলাত প্ৰায় 10 হাজাৰ 250 গৰাকী বানাক্ৰান্তই এতিয়াও আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে । বৰপেটা, নগাওঁ, শোণিতপুৰ, লখিমপুৰ, কৰিমগঞ্জ, ওদালগুৰি আদিত বিগত দিনকেইটাত বাঢ়নী পানীয়ে কেইবাঠাইতো মথাউৰি চিঙাৰ লগতে ভালেসংখ্যক দলং, কালভাৰ্ট আৰু পথ বিধ্বস্ত কৰিছে ।

ABOUT THE AUTHOR

...view details